নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ প্ৰচেষ্টাত আজি নগাঁও জিলাৰ ডিমৰুগুৰী আমতল পথৰ পৰা এগৰাকী দৰিদ্ৰ, এখন ভৰি ভঙা, কোনো কাম কৰিব নোৱাৰা বৃদ্ধাক উদ্ধাৰ কৰে। ডিমৰুগুৰী আমতল পথৰ নিৱাসী প্ৰয়াত কেশৰাম কলিকতাৰ পত্নী সৰুমাই কলিতা (65)ই আজি কিছু দিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত এখন ভৰি ভঙা যদিও চুচৰি চুচৰি অন্যান্য লোকৰ পৰা খুজিমাগী জীৱন নিৰ্বাহ কৰি আহিছিল । তেওঁৰ পুত্ৰ সন্তান নাই যদিও বিবাহিত একমাত্ৰ জিয়ৰিৰ লগতে জীৱন অতিবাহিত কৰিছিল । কিন্তু একমাত্ৰ জিয়ৰিৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ পানীত হাহঁ নচৰা অৱস্থা হোৱাত বৃদ্ধা গৰাকীয়ে দিনটোৰ বাবে নগাঁও চহৰৰ পদপথত ভিক্ষা মাগী ফুৰা অৱস্থাত দিনদিয়েক পূৰ্বে নগাঁও চহৰৰ এজন সমাজ সচেতন যুৱক ভাস্কৰ বৰাই ছ’চিয়েল মিডিয়াত বৃদ্ধা গৰাকীৰ এই দুৰ্বিসহ জীৱনৰ বিষয়ে কিছু তথ্য প্ৰচাৰ কৰিছিল । সেই সূত্ৰে আজি নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ এটা সজাতি দলে ডিমৰুগুৰী আমতল পথত থকা তেওঁ জীয়ৰীৰ ঘৰৰ পৰা বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্হিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ সম্পূৰ্ণ ব্যৱস্হা কৰে। ইয়াৰ পূৰ্বে বৃদ্ধা গৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্হা কৰা হয় আৰু অনাগত দিনত বৃদ্ধা গৰাকীৰ অন্যান্য চিকিৎসা জনিত ব্যৱস্হাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰ পৰা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে ।
দৰিদ্ৰ-এখন ভৰি ভঙা বৃদ্ধাক উদ্ধাৰ : বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ
-
By publisher
- Categories: News
Related Content
Nalbari Debiram Patshala School:নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক ভোগালী বিহু উৎযাপন
By
publisher
January 11, 2025
Bilasipara Police : পুনৰ অসম আৰক্ষীৰ খাকী পোচাকত ক'লা দাগ !
By
publisher
January 11, 2025
Guwahati Police Encounter:মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ
By
publisher
January 11, 2025