নগাঁও:ৰাজ্যৰ ঐতিহ্য সমূহ সংৰক্ষণ আৰু সংবৰ্ধন কৰাটো চৰকাৰৰ দায়িত্ব।কিন্তু জাতি মাটি ভেটিৰ শ্লোগান দিয়া ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে এই ঐতিহ্য সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উল্থাপিত হৈছে।চৰকাৰৰ তেনে এক অৱহেলাৰ বাবেই অসমীয়া চলচ্চিত্ৰ জগতৰ বাটকটীয়া স্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁও চহৰৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জয়শ্ৰী চিনেমা হল ব্যৱসায়ীৰ হাতুৰীৰ কোবত চুৰ্ণ-বিচূৰ্ণ হৈ পৰিল ।এনে এক ঐতিহ্য বহনকাৰী ভৱনৰ স্মৃতি নিচ্ছিন্ন হৈ পৰাত নগাঁৱৰ সচেতন মহল মৰ্মাহত হৈ পৰিছে।নগঞা ৰাইজে এই চিনেমা গৃহটো ঐতিহ্য ক্ষেত্ৰ গৃহ হিচাপে সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰ আৰু নগাঁও জিলা প্ৰশাসনক দাবী জনাইছিল যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।১৯৩৮ত এই চিনেমা গৃহটো নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।সেই সময়ত নগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা লীজত লৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ঐতিহ্য বহনকাৰী এই চিনেমা হলটো তেওঁৰ বৰ জীয়ৰী জয়শ্ৰী নামেৰে নামাকৰণ কৰিছিল।এই চিনেমা হলটোতে ১৯৩৯ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতী প্ৰদৰ্শন কৰা হৈছিল।পৰবৰ্তী সময়ত হলটো চোৱা চিতা কৰিছিল জ্যোতিপ্ৰসাদৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই।বহু কেইখন উচ্চ মানবিশিষ্ট অসমীয়া চিনেমা এই হলটোত প্ৰদৰ্শিত হৈছিল।কেইবছৰমান আগলৈকে চলি থকা এই চিনেমা গৃহটো বিভিন্ন কাৰণত বন্ধ হৈ পৰিছিল।পিছলৈ চিনেমা হলটো আৰু ভূমিৰ মালিকিস্বত্ব লাভ কৰে নগাঁৱৰ কোটিপতি ব্যৱসায়ী ধনপ্ৰদ ঘেৰাৱতে ।তেতিয়াই ব্যৱসায়ী জনে চিনেমা হলটো বন্ধ কৰি দিয়াৰ লগতে হলটো ভাঙি সেই স্থানত শ্বপিং মল স্থাপনৰ পৰিকল্পনা কৰে।বন্ধ হৈ থকা এই চিনেমা হলটো সংৰক্ষণৰ বাবে জনমত গঠনৰ উদ্দেশ্যে পাৰ্থজিত বৰুৱাই সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ২০১৮ৰ ১৭ জুনত এক সংবাদ মেল আয়োজন কৰি ব্যৱসায়ী জনে এই চিনেমা হলটো ভঙাৰ পৰিকল্পনা তীব্ৰ বিৰোধীতা কৰাৰ লগতে চিনেমা হলটো সংৰক্ষণ কৰাৰ বাবে দাবী তুলিছিল।অসমীয়া সংস্কৃতিৰ এই গৰাকী পুৰোধা ব্যক্তিৰ স্মৃতি দিৱস প্ৰতি বছৰে অসম চৰকাৰ আৰু অসম সাহিত্য সভাকে ধৰি অসমৰ বহু কেইটা জাতীয় সংগঠনে উদযাপন কৰি আহিছে যদিও এইগৰাকী পুৰোধা ব্যক্তিৰ স্মৃতি বিজড়িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল ভাঙি পেলোৱাৰ চৰকা ,সাহিত্য সভা আদিৰ গা নলৰিল।সুধাকন্ঠ ড:ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত কলকতাৰ বাসভৱন আৰু সহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ উৰিষ্যাৰ সম্বৰপুৰৰ বাসভৱন সংৰক্ষণৰ বাবে অসম চৰকাৰে কিছু পদক্ষেপ গ্ৰহন কৰিছে যদিও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁৱৰ এই চিনেমা হলটো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাপে চিহ্নিত হৈছে।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ স্মৃতি দিৱসত প্ৰশংসাৰে উপচাই পেলোৱা অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে টু শব্দ এটা নকৰাত সচেতন মহলে সাহিত্য সভাক সমালোচনা কৰিছে।আনকি মাহদিয়েক পূৰ্বে নগাঁৱৰ দুটামান সংগঠনে জয়শ্ৰী চিনেমা হলৰ সন্মুখত প্ৰতিবাদ সাবস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত এই সংগঠন কেইটাৰ নীৰৱতাই ৰহস্যৰ সৃষ্টি কৰিছে।
হাতুৰীৰ কোৱত চূৰ্ণ বিচূৰ্ণ হৈ পৰিল ৰূপকোঁৱৰে নিৰ্মাণ কৰা জয়শ্ৰী চিনেমা হল
-
By publisher

ADVERTISEMENT
- Categories: News
Related Content
National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
By
publisher
May 13, 2025
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
By
publisher
May 13, 2025
Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়
By
publisher
May 13, 2025
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025