মাটিয়া: বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মুজকুৰী দোহাপাৰাত ভয়াৱহ বানপানীৰ সৃষ্টি হয৷ দুধনৈ নদীৰ ঢল পানীয়ে মুজকুৰি,দোহাপাৰা অঞ্চল বুৰাই পেলোৱাত অঞ্চলটোত বসবাস কৰা প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয়৷ইপিনে নিৰ্মীয়মান “দুধনৈ- মাটিয়া- গোৱালপাৰা- পঞ্চৰত্ন”সংযোগী ৪৬ নম্বৰ ৰাজ্যিক ঘাইপথৰ ৭/ ১ নং দলঙৰ উপপথৰ কাঠৰ দলঙখনৰ এটা অংশৰ মাটি খহাই নিয়াত মাটিয়া -দুধনৈৰ যোগাযোগ বিছিন্ন হৈ পৰিছে । ইপিনে প্ৰবল বেগেৰে অহা ঢলপানীয়ে দুধনৈ নদীৰ ওপৰত থকা নিৰ্মীয়মান দলংখনৰ এটা অংশ খহাই নিয়ে ৷ অৱশ্যে ঢলপানীয়ে নিমিষতে মুজকুৰি- দোহাপাৰ অঞ্চল প্লাৱিত কৰি পেলোৱাত এছ ডি আৰ এফৰ দলে যোৱা নিশাই উদ্ধাৰ অভিযান চলাই বহু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে ।অৱশ্যে আজি পানী কমি যোৱাত লোকসকলে নিজ নিজ ঘৰলৈ উভতি যায়৷ ফনিৰ প্ৰভাৱত হঠাতে কৃত্ৰিম বান- পানী অহাৰ ফলত মুজকুৰি – দোহাপাৰা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সুমোৱাই বিভিন্ন সা- সামগ্ৰী, বয়- বস্তু- ভড়ালৰ ধানকে ধৰি সকলোবোৰ বুৰাই পেলাই৷ কিন্তু এই বাতৰি যুগুতোৱালৈকে প্ৰতিটো পৰিয়ালৰ ঘৰৰ পৰা পানী নামি নোযোৱাৰ ফলত ৰন্ধাবৰাৰ অভাৱত অনাহাৰে থাকিব লগীয়া হৈছে৷ ইপিনে প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰা স্বত্বেউ এই বাতৰি যুগুতোৱালৈকে প্ৰয়োজনীয় খোৱা পানীৰ যোগান নধৰাত ভুক্তভোগী ৰাইজে হাহাকাৰ কৰিব লগীয়া হয়৷ উল্লেখ্যযে,জিলা প্ৰশাসনৰ লগতে গোৱালপাৰাৰ দূৰ্যোগ প্ৰশমন বিভাগে সকলো ধৰনৰ প্ৰাকৃতিক দূৰ্যোগ মোকাবিলা কৰিবলৈ সাজু বুলি ব্যাপকভাৱে প্ৰচাৰ চলাই উৰ্ধতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষন কৰি বাহ বাহ লৈ আহিছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত একমাত্ৰ এছ ডি আৰ এফ আৰু আৰক্ষীৰ লোকে আন্তৰিকতাৰে সেৱা আগবঢ়োৱাৰ বিপৰীতে বাকী ক্ষেত্ৰত আক্ৰান্ত ৰাইজক সহযোগ নকৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ইপিনে ৪৬ নম্বৰ ৰাজ্যিক ঘাইপথৰ এ অংশ অৰ্থাৎ দুনৈৰ পৰা মাটিয়ালৈকে থকা পথ আৰু আৰ চি চি দলং নিৰ্মানৰ দায়িত্বত থকা ঠিকাদাৰৰ বাবেই ৰাইজে সমস্যাৰ সন্মুখীন হবলগীয়া হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে৷ নিৰ্মান কাৰ্যৰ নামত মইমতালি আৰু হেমাহী কৰা বাবেই ৰাইজে কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যাতায়তৰ নামত যমৰ যাতনা ভূগিব লগীয়া হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাইজে পনবন্ধী হৈ থকা স্বত্বেউ আজি দুপৰীয়ালৈকে দায়িত্বৰত প্ৰভূ আগৰৱালা কন্সট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ ঠিকাদাৰ গোষ্ঠীয়ে কোনো খা- খবৰ নোলোৱাত ভুক্তভোগী ৰাইজ ক্ষুব্ধহৈ উঠে৷ সেয়েহে পলমকৈ গড়কাপ্তানি বিভাগৰ বিষয়াৰ সৈতে দূৰ্যোগস্থলীত উপস্থিত হোৱাৰ লগে লগে ঠিকাদাৰ গোষ্ঠীৰ প্ৰকল্প মেনেজাৰ বিপ্লৱ দাসক তীব্ৰ কৰ্কৰ্থনা কৰে ভূক্তভোগী ৰাইজে৷
কৃত্ৰিম বানত প্লাৱিত গোৱালপাৰাৰ মুজকুৰি দোহাপাৰা অঞ্চল: অৰ্ধশতাধিক পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন
-
By publisher

- Categories: News
Related Content
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
By
publisher
April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে'ল দুর্ঘটনা
By
publisher
April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
By
publisher
April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
By
publisher
April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম 'ডিজিটেল সংকট'ত ইৰান
By
publisher
April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ'ব জয়পুৰৰ ঐতিহাসিক 'ছুপাৰ কম্পিউটাৰ'
By
publisher
April 28, 2026
