**নলা উপচি পৰি জলমগ্ন ঘৰ দুৱাৰ
** কৃষি ভূমি পানীৰ তলত
দলগাঁও : বিগত কেবাটাও দিন ধৰি হোৱা নেৰানেপেৰা প্ৰবল বৰষুনে খাৰুপেটীয়া টাউনৰ কেবাটাও ৱাৰ্ডৰ লগতে কাষৰীয়া কেবাখনো গাঁৱৰ বিস্তৃৰ্ণ কৃষি পথাৰ জলমগ্ন কৰি পেলাইছে | খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় পথৰ পৰা হাস্পতাল ৰোড হৈ পথৰ দুয়োকাষে নিৰ্মাণ কৰা কেবাকোটীয়া নলা উপচি পৰি ২ নং আৰু ,৮নং ৱাৰ্ডৰ বহু ঘৰ জলমগ্ন হৈ পৰাত স্থানীয় ৰাইজৰ স্বাভাৱিক জীৱন যাপন ব্যাহত হৈ পৰে | আজি খাৰুপেটীয়া পৌৰ সভাৰ সভানেত্ৰী কৃষ্ণা সাহা, উপসভাপতি গনেশ ঘোষ আৰু ৱাৰ্ড মেম্বৰ পূৰ্ণিমা বণিক জলমগ্ন হোৱা এলেকাৰ বুজলৈ ৰাইজৰ লগতে শ্ৰমিকৰ সহযোগত নলা মুকলি কৰাৰ চেষ্টা চলায় | ৰাইজৰ অভিযোগ , বহুকোটি টকীয়া নলা নিৰ্মাণত হোৱা ব্যাপক দূৰ্নীতিৰ বাবেই নলাৰে পানী পৰিবহনৰ ক্ষেত্ৰত গভীৰ সমস্যাই দেখা দিছে | ইফালে কালি আবেলি তীব্ৰ বৰষুণ আৰু বতাহে খাৰুপেটীয়াৰ এন.আৰ.চি শুনানী কেন্দ্ৰৰ বেৰ চাল উৰুৱাই নিয়ে | ১৪টা কাউন্টাৰেৰে গঠিত কেন্দ্ৰটোৰ ৭,৮,৯আৰু,১০ নং এই চাৰিটা সম্পূৰ্ন ৰূপে বিধ্বস্ত কৰাৰ পিছত প্ৰশাসনে আজি তৎপৰতাৰে মেৰামতিৰ ব্যৱস্থা কৰে | ইফালে বিগত দিনবোৰত হোৱা বৰষুণৰ বাবে শ শ বিঘা পাচলি খেতি বুৰ যোৱাত কৃষকৰ মাজত এক হাহাকাৰ অৱস্থা বিৰাজ কৰা দেখা গৈছে |