তেজপুৰ: একমাত্ৰ অধ্যয়নকে জীৱনৰ লক্ষ্য হিচাপে লোৱা তেজপুৰৰ দিশান্ত শইকীয়াই আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি তেজপুৰলৈ গৌৰব কঢ়িয়াই আনিছে। ২০১৪ চনত মাজগাঁও হাটভগা চুবুৰীত স্থাপিত ডাইমেনশ্বন একাডেমী কনিষ্ঠ মহাবিদ্যালয়খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ মেধাৱী ছাত্ৰজনে গণিতত ৯৭, ৰসায়ন বিজ্ঞানত ৯৭, ঐচ্ছিক অসমীয়াত ৯৭,ইংৰাজীত ৯৬ আৰু পদাৰ্থ বিজ্ঞানত ৮৬ নম্বৰ সহ মুঠ ৪৭৩ নম্বৰ লাভ কৰে। প্ৰণিধানযোগ্য তেজপুৰত ৰঙাপুখুৰীপাৰ নিবাসী তথা বিশ্বনাথ চাৰিআলিৰ কৃষি বিষয়া বিষ্ণু ৰঞ্জন শইকীয়া আৰু নগৰ উন্নয়ন বিভাগৰ তেজপুৰস্থিত কাৰ্যালয়ত অভিযন্তা হিচাপে কৰ্মৰত ইনামনি ফুকন শইকীয়াৰ পুত্ৰ দিশান্তই ইতিমধ্যে জেইইত স্থান লাভ কৰিছে। ভবিষ্যত এজন সুদক্ষ অভিযন্তা হোৱাৰ লক্ষ্যত অাগবঢ়া দিশান্তই ইচ্ছা অনুসৰি নিয়মীয়াকৈ অধ্যয়ন কৰিছিল। অাজৰি সময়ত ক্ৰিকেট খেলি ভাল পোৱা আৰু ফুটবল খেল চাই ভাল পোৱা দিশান্তই মোবাইল ফোন ব্যৱহাৰ কৰি নোপোৱাৰ লগতে ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাছিল। মেধাবী ছাত্ৰজনে প্ৰকাশ তকা মতে তেওঁ পঢ়া শিক্ষানুষ্ঠানখনৰ শিক্ষক – শিক্ষয়িত্ৰী সকলে যথেষ্ট অহোপুৰুষাৰ্থ কৰিছিল বুলি মন্তব্য কৰি তেওঁ আশা কৰা মতেই ফলাফল লাভ কৰিছে। উল্লেখ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ দুই নম্বৰ কম পোৱাত শীৰ্ষ দহটা স্থানৰ ভিতৰত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হোৱা নাছিল মেধাবী ছাত্ৰজন। পুত্ৰৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰিছাত্ৰজনৰ উৎফুল্লিত পিতৃ মাতৃয়ে এই ফলাফলৰ বাবে পুত্ৰৰ অধ্যৱসায় আৰু শিক্ষক সকলৰ সহযোগিতাক শলাগ লৈ লগতে কয় তেওঁ লোক দুয়ো গৰাকী চৰকাৰী চাকৰিয়াল হোৱাৰ বাবে পুত্ৰক প্ৰয়োজনীয় সময় দিব পৰা নাছিল। তেওলোকে পুত্ৰ দিশান্তক এগৰাকী একান্ত বাধ্য সন্তান বুলি প্ৰকাশ কৰি অধ্যয়নৰ বাহিৰে ছাত্ৰ জনে বাহিৰা কথাত বিশেষ গুৰুত্ব দিয়া নাছিল বুলি কয়। আনহাতে ডাইমেনশ্বন একাডেমীৰ অধ্যক্ষ ড০ খৰ্গেশ্বৰ বৰকটকীয়ে কনিষ্ঠ মহাবিদ্যালয়খনৰ এনে ফলাফলৰ বাবে ইয়াৰ প্ৰতি গৰাকী শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাবকক ধন্যবাদ জনাই মহাবিদ্যালয়খনত শৈক্ষিক পৰিৱেশৰ উত্তৰনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি প্ৰকাশ কৰে। আজি পুৱাৰে পৰা কনিষ্ঠ মহাবিদ্যালয়খনৰ চৌহদত এক উৎসব মুখৰ পৰিবেশ বিৰাজ কৰে। উল্লেখ্য যে কনিষ্ঠ মহাবিদ্যালয়খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৫৮জন শিক্ষাৰ্থীৰ ভিতৰত ৫১জনে প্ৰথম বিভাগত আৰু ১৩জনে ডিষ্টিংচন সহ এশ শতাংশ উৰ্ত্তীন হয়। ইয়াৰে ভিতৰত ৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৯০ শতাংশৰ অধিক নন্বৰ লাভ কৰে।
বিজ্ঞান শাখাত দ্বিতীয় স্থানৰে তেজপুৰলৈ গৌৰব কঢ়িয়ালে মেধাৱী দিশান্তই #Watch Video
-
By publisher
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026