মাটিয়া : পশ্চিম গোৱালপাৰাৰ একাংশ ৰাজপথক কিছুমান ৰাইজে ধান আৰু খেৰ শুকোৱা চোতালত পৰিনত কৰাত তীব্ৰ যান যটৰ সৃষ্টি হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷অঞ্চলটোৰ বেছিভাগ গড়কাপ্তানি পথতেই দিনে নিশাই মেলি দিয়া হয় ধানখেৰ। ইপিনে ধান কটাৰ বতৰত পথৰ ওপৰতেই ট্ৰেক্টৰ ৰখাই ধানৰ মৰনা দিয়া, গৰু-ছাগলী বান্ধি থোৱা, দিনৰ ভাগত শুকোৱাৰ বাবে পথৰ ওপৰত ধান মেলি আদি যেন এক নিত্য নৈমত্যিক কাৰ্যত পৰিণত হৈছে। এইদৰে গড়কাপ্তানি পথক ঘৰৰ চোতাল হিচাপে ব্যৱহাৰ কৰা কাৰ্যত প্ৰায়ে তীব্ৰ যান যটৰ সৃষ্টিহৈ দূৰ্ঘটনা সংঘঠিত হৈ আহিছে৷ বিশেষকৈ পশ্চিম গোৱালপাৰাৰ বগুৱান -আমবাৰী, বগুৱান মালাধৰা, আমবাৰী কাতলিটাৰী আদি গড়কাপ্তানী পথ সমূহত ওৰে দিনটো ধান খেৰ আৰু ধান মেলি দিয়া বুলি অভিযোগ উঠিছে ।সমান্তৰাল ভাৱে এই পথ সমূহত হাঁহ কুকুৰা আৰু কণ-কণ লৰাছোৱালীৰ অবাধ বিচৰনে সততেই তীব্ৰ যান -যটৰ সৃষ্টি হোৱাও পৰলক্ষিত হৈছে। বহু সময়ত এনে পৰিবেশৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে। এনে পৰিস্থিতিত জৰুৰীকালীন এম্বুলেঞ্চ সেৱাৰ গাড়ী সমূহেও বহু ক্ষেত্ৰত সময়মতে জটিল ৰোগী সকলকো চিকিৎসালয়ত লৈ যোৱাত বাধাৰ সন্মূখীন হবলগীয়া হয়। বাৰিষা মাহটো এই ৰাস্তাটোকে ওচৰ চুবুৰীয়া মানুহৰ বাবে হৈ পৰে ঘৰৰ চোতাল সদৃশ। উক্ত পথছোৱাৰে বিভাগীয় কতৃপক্ষৰ লগতে আৰক্ষীৰ গাড়ীও অহা যোৱা কৰে যদিও এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপিত হৈছে। অতি সোনকালেই পথছোৱা বিভাগীয় কতৃপক্ষই তদন্ত কৰি চলাচলৰ বাবে সম্পূৰ্ণ মুকলি কৰি দিব লাগে বুলি উক্ত ৰাস্তাৰে চলাচল কৰা ভুক্তভোগী গাড়ী চালক আৰু সাধাৰণ ৰাইজে দাবী জনাইছে।