বন্দী শিবিৰৰ অধিকাংশ ভাৰতীয় : আমছুৰ অভিযোগ

আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সজাতি দলসহ আজি উপস্থিত হয় বিজনী বিষ্ণুপুৰৰ মধুবালা মণ্ডলৰ ঘৰত । মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলা গৰাকীক বন্দী শিবিৰত ৰখাৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে । মধুবালা দাসৰ মুকবধিৰ জীয়ৰীৰ খবৰ লোৱাৰ লগতে অতিকে দৰিদ্ৰ পৰিয়ালটিক আৰ্থিক সাহাৰ্য প্ৰদান কৰে আমছুৰ প্ৰতিনিধি দলে। আমছু সভাপতি সৰকাৰে কয় , ‘অসম চৰকাৰৰ সীমান্ত আৰক্ষী বিভাগত এতিয়া সম্পুৰ্ণৰূপে অৰাজকতা চলিছে । যাৰ বাবে ভাষিক আৰু সংখ্যালঘু লোকক লক্ষ্য কৰি এই ধৰনে অমানৱীয় ভাৱে হাৰাশাস্থি কৰা পৰিলক্ষিত হৈছে। বিজনীৰ বিষ্ণুপুৰৰ মধুবালা মণ্ডলৰ ঘটনা তাৰ এটা জলন্ত উদাহৰন । মধুবালা নম: দাস নামৰ মৃত মহিলা এগৰাকীৰ নামৰ সতে থকা মিলৰ বাবে বলপুৰ্ব্বক  মধুবালা মণ্ডলক ডিটেনচন কেম্পলৈ প্ৰেৰন কৰিছে । আজি মুখ্যমন্ত্ৰীৰ হাতত থকা এই বিভাগত এনে ধৰনৰ ঘটনাই কিহৰ ইংগিত দিয়ে ? নিশ্চয় এয়া মুখ্যমন্ত্ৰী তথা চৰকাৰৰ নিৰ্দেশতে হৈ আছে বুলি কব পাৰি । ‘ তেওঁ কয় যে  বন্দী হৈ থকা ৯৬ % লোক ভাৰতীয় ।

# কাজলগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Exit mobile version