বঙাইগাঁও:
নামনি অসমৰ বঙাইগাঁও আৰু চিৰাং জিলাত একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে নৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱসায চলাই অহাত নৱ প্ৰজন্মৰ বহুতে ড্ৰাগছ আসক্তি হোৱাত অন্ধকাৰ নামি আহিছে ৷চিৰাং জিলাৰ বেংতলত শেহতীয়া ভাৱে ড্ৰাগছ সৰৱৰাত জড়িত চাৰিজন যুৱকক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত গ্ৰেপ্তাৰ হোৱা যুৱকৰ স্বীকাৰোক্তিৰ আঁত ধৰি কালি নিশা বঙাইগাঁৱত চিৰাং আৰক্ষীয়ে ড্ৰাগছ সহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ চিৰাং জিলাৰ ৰুণীখাটা আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বৰ আৰক্ষীৰ দলে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ সহযোগত উত্তৰ বঙাইগাঁওস্থিত পৰিৱেশ উদ্যানৰ কাষত নিশা দহ মান বজাত চলোৱা অভিযানত এজন ড্ৰাগছ ব্যৱসায়ী যুৱকক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে ৷ যুটীয়া আৰক্ষীৰ অভিযানত বঙাইগাঁও দোলাইগাঁও ভাটিপাৰাৰ ধৰ্মেন্দ্ৰ ৰায় (২৬) নামৰ যুৱক যুৱকজনৰ জিম্মাৰ পৰা পাঁচটা সৰু বটল(চিছা)ত ড্ৰাগছ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ড্ৰাগছখিনি ব্ৰাউন চুগাৰ বুলি দাবী কৰিছে ৷ যুৱকজনৰ স’তে আৰু ড্ৰাগছ ব্যৱসায়ী আছিল যদিও এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷ অভিযানকাৰী আৰক্ষীৰ দলে ধৃত ড্ৰাগছ ব্যৱসায়ী যুৱক জনৰ পৰা এ এছ ০১ এপি ৬০০২ নম্বৰৰ এখন ছুজুকী মটৰ চাইকেল,দুটা মোবাইল হেণ্ডছেট, কিছু নথিপত্ৰ জব্দ কৰিছে ৷