ক্ষুদ্ৰ সঞ্চয়ৰ প্ৰতি অসমীয়া লোক অসচেতন বুলি সততে বদনাম থকাৰ সময়তে মঙলদৈৰ ডাঁহীৰ এগৰাকী ঠেলাচালকে দেখুৱাই থৈ গ’ল যে সেই বদনাম এটি ভ্ৰান্ত ধাৰণা ৷ আজীৱন ঠেলাখনকে জীৱিকাৰ সম্বল হিচাবে লোৱা ডাঁহী গাৱঁৰ ৬৫ বছৰীয়া দেৱেন শৰ্মাই কালিও ঠেলাখন লৈ বৃহস্পতিবৰীয়া বড়িচৌকা ( পথৰুঘাটৰ সমীপৰ) বজাৰলৈ গৈছিল ৷ কালি প্ৰচণ্ড গৰমত অসুস্থ হৈ পৰা লোকজনে আকস্মিকভাবে মৃত্যুক আকোৱালি লয় ৷ আকস্মিক বিয়োগত শোকৰ ছাঁ পৰে অঞ্চলটোত ৷ তাৰ পাছত আজি স্থানীয় ৰাইজে লোকজনৰ সা-সামগ্ৰীবোৰৰ মাজৰ পৰা উদ্ধাৰ কৰে সৰু সৰু কেতবোৰ টোপোলা , যিবোৰৰ ভিতৰত সাঁচি থোৱা আছে দহটকীয়া, ২০ টকীয়া, ৫০ টকীয়া নোটৰ জাপ ৷ হিচাপ কৰি পোৱা গ’ল মুঠ ৫০,৮০০ টকা ৷ ৰাইজৰ মতে কণ্যা সন্তানটি বিয়া দিয়াৰ পাছত অকলশৰীয়া হৈ পৰা পত্নীৰ বাবে এই ধন সঞ্চয় কৰি তেওঁ দেখুৱাই থৈ গ’ল দূৰদৰ্শিতাৰ নিদৰ্শন ৷ঠেলাচালকগৰাকীৰ এই আদৰ্শক সকলোৱে ভূয়সী প্ৰসংশা কৰিছে ৷