কথমপি ৰক্ষা দুই যুৱতীৰ:আটক ১
ৰঙিয়া : নামনি অসমত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ। এই চক্ৰৰ কবলত পৰি ধ্বংস বহু যুৱতী আৰু মহিলাৰ জীৱন। আৰক্ষীৰ চকুৰ আগতে নাৰী সৰবৰাহকাৰীৰ দল এটাই নামনি অসমৰ বিভিন্ন অঞ্চলত ভয়ংকৰ জাল বিস্তাৰ কৰি প্ৰতিনিয়ত বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ কৰি থকাৰ অভিযোগৰ সত্যতা প্ৰমাণিত কৰি আজি ৰঙিয়া ৰেল স্টেচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ হয় দুই যুৱতী। আৰক্ষীৰ জালত পৰে এজন সৰবৰাহকাৰী।আৰক্ষীৰ সূত্ৰ অনুসৰি দুগৰাকী যুৱতীক সৰবৰাহকাৰী এজনে চেন্নাইত বিক্ৰীৰ বাবে লৈ যোৱা সন্দৰ্ভত নিশ্চিত হয় ৰেল আৰক্ষী ।আৰক্ষীয়ে তেওঁলোকক ৰঙিয়া ৰেল স্টেচনত আটক কৰে । আৰক্ষীৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহে। নাৰী সৰবৰাহকাৰী ওদালগুৰিৰ সুশীল মাৰাণ্ডীয়ে ওদালগুৰিৰ অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ এই দুই যুৱতীক কৰ্মসংস্থাপনৰ প্ৰলোভন দি ঘৰৰ পৰা ফুচুলাই লৈ আনিছিল । যুৱতী দুগৰাকীক চেন্নাইত বিক্ৰীৰ উদ্দেশ্যে সৰবৰাহকাৰী মাৰাণ্ডীয়ে জাল বিস্তাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে ৰঙিয়া ৰেলজংচনত এই দুই যুৱতীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । জানিব পৰা মতে ওদালগুৰি জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ দুই যুৱতীক ৰেলেৰে চেন্নাই লৈ নিয়াৰ পৰিকল্পনা কৰিছিল সৰবৰাহ কাৰী চক্ৰটোৱে ।সম্প্ৰতি আটকাধীন যুৱকজনক ৰঙিয়া ৰেল আৰক্ষীয়ে জেৰা চলাই আছে। অচিৰেই ৰেল আৰক্ষীয়ে । ৰেল আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰামতে মানৱ সৰবৰাহকাৰী চক্ৰটোৱে যুৱতী দুগৰাকীক চেন্নাইলৈ নি নাৰীদেহ চক্ৰৰ হাতত বিক্ৰী কৰিলিহেঁতেন ৷ অসমৰ বিশেষকৈ অতি দুৰ্গম প্ৰান্তৰ লগতে বিটিএডিৰ ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহৰ আৰ্থিক দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নাবালিকা আৰু কিশোৰীৰ লগতে যুৱতীসকলক মানৱ সৰবৰাহকাৰী এজেন্টে কৰ্মসংস্থাপনৰ প্ৰলোভন দি ৰেলযোগে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আছে ৷