ৰঙিয়া : অসম চৰকাৰৰ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অত্যন্ত জৰুৰী। আৰক্ষী যিমান সৎ, কৰ্তব্য পৰায়ন, কৰ্মদক্ষতা, নিষ্ঠাবান আৰু ৰাইজৰ প্ৰতি সমৰ্পিত তথা শ্ৰদ্ধাশীল হব ৰাইজে সিমানেই অধিক সেৱা লাভ কৰিব। এই ভাষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । আজি তেওঁ মৈত্ৰী আঁচনিৰ অধীনত ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰি এইদৰে কয়। এই নৱনিৰ্মিত ভৱনৰ আধুনিক আন্তঃগাঁথনিয়ে আৰক্ষীক জনসাধাৰণক অধিক সেৱা আগবঢ়োৱাৰ দিশত অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আৰক্ষীক জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হোৱাাৰ লগতে আন্তৰিকতাৰে সেেৱা আগবঢ়োৱাৰ বাবে আহবান জনায়।উল্লেখ্য যে মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আধুনিক সা-সুবিধাৰে যুক্ত অত্যাধুনিক ভাবে আৰক্ষী থানাসমূহৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা হাতত লৈৈছে । এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩৪৬ খন আৰক্ষী থানা পুণৰ নিৰ্মাণ কৰা হব ।অহা ৫ বছৰৰ ভিতৰত এই লক্ষ্য মাত্ৰা সম্পূৰ্ণ কৰাৰ লক্ষ্য মাত্ৰা স্থিৰ কৰি ইয়াৰে প্ৰথম পৰ্যায়ত ৭৩ খন আৰক্ষী থানা পুনৰ নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ আৰক্ষী বাহিনীসমূহক অধিক দক্ষ আৰু কৰ্মক্ষম কৰি তোলাৰ দিশত প্ৰদান কৰা গুৰুত্বৰ বিষয়ে উল্লেখ কৰি সোনোৱালে বিগত বৰ্ষসমূহত ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সন্মিলনসমূহত আৰক্ষী বাহিনীৰ কৰ্ম দক্ষতা আৰু সামগ্ৰিক মান উন্নীতকৰণেৰে স্মাৰ্ট পুলিচ হিচাপে উন্নীতকৰণৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে।শিক্ষা ক্ৰীড়া আৰু সাংস্কৃতিক এই তিনিটা বিষয়ত আমাৰ সমাজখনে উঠি অহা প্ৰজন্মক বিশেয বাবে জড়িত কৰিব লাগিব বুলি তেওঁ কয়। তিনিটা বিষয়ত যদি উঠি অহা চামে দৃঢ়তাৰে পৰিশ্ৰম কৰে তেতিয়াহলে প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে জীৱনত এগৰাকী সফল আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠা হব পাৰিব বুলিও কয় মুখ্যমন্ত্ৰী সোনোৱালে।
অসম চৰকাৰৰ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অত্যন্ত জৰুৰী – মুখ্যমন্ত্ৰী
-
By publisher

- Categories: Uncategorized
Related Content
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
By
publisher
May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ' বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
By
publisher
April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026