Ganja Seized in Basistha:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে বশিষ্ঠ আৰক্ষীৰ জালত পৰিল কুখ্যাত গাঞ্জা সৰবৰাহকাৰী মহিলা ৷ বিশেষ সূত্ৰই পমখেদি AS01GM4287 নম্বৰ স্কুটী আৰোহী এগৰাকী মহিলাক বশিষ্ঠ আৰক্ষীয়ে তালাচি চলাই জব্দ কৰে প্ৰায় ৬.৩ কেজি গাঞ্জা । আটকাধীন মহিলা গৰাকীৰ ঘৰ ছয়গাঁৱত ৷ ইয়াৰ পূৰ্বেও কেইবাবাৰো ড্ৰাগছ সৰবৰাহত গ্ৰেপ্তাৰ হৈছিল খাতুন উপাধিৰ মহিলা গৰাকী । ইতিমধ্যে পানবজাৰ মহিলা থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
ADVERTISEMENT




































