নগাঁও:এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰাকমূহুৰ্ত্তত ভয় আৰু শংকাত ভূগিছে নগাঁও জিলাৰ একাংশ সংখ্যালঘু ৰাইজ। বহু প্ৰতিক্ষাৰ অন্তত কাইলৈ প্ৰকাশ পাবলগীয়া এন আৰ চিক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত চৰম উৎকন্ঠা আৰু আতংক বিৰাজ কৰাৰ মাজতে জিলা খনৰ সংখ্যালঘু ৰাইজৰ মাজত সৃষ্টি হোৱা এই ভয় আৰু শংকাই সকলোৱে মাজত চৰ্চা লাভ কৰিছে। বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজ এন আৰ চিৰ তালিকাখনত নিজৰ নাম সন্নিবিষ্ট হোৱা নোহোৱাক লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা। এক প্ৰকাৰ ভয় আৰু শংকাত ভোগা সংখ্যালঘু লোকসকল যে অত্যাধিক চিন্তিত আৰু আতংকিত কৰি তুলিছে তাৰ বহি:প্ৰকাশ ঘটিল আজি শুক্ৰবৰীয়া নামাজৰ পিছত অনুষ্ঠিত হোৱা প্ৰাৰ্থনা সভাত। আজিৰ দিনটোত নগাঁও চহৰৰ লগতে জিলাখনৰ অধিকাংশ মছজিদত জুম্মাৰ নামাজৰ পিছত অনুষ্ঠিত প্ৰাৰ্থনা সভাত উত্থাপিত হ’ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ প্ৰসংগ। “সকলো ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ চুড়ান্ত তালিকাত অন্তৰ্ভুক্ত হওক। চিৰ দিনৰ বাবে বন্ধ হওক ভাৰতীয় নাগৰিকৰ ওপৰত চলা নিৰ্যাতন। আল্লাই সকলোকে বিপদৰ পৰা ৰক্ষা কৰক” আজিৰ শুকুৰবৰীয়া জুম্মাৰ নামাজৰ পিছত অনুষ্ঠিত প্ৰাৰ্থনা সভাত জিলা খনৰ মছজিদে মছজিদে উচ্চাৰিত হয় এই কাতৰ আহ্বান।আল্লাহক শুকুৰবৰীয়া নমাজত জনোৱা এই কাতৰ আহ্বানেই এটা কথা প্ৰমাণ কৰিছে যে সংখ্যালঘু লোক সকল এন আৰ চিক লৈ শংকিত আৰু আতংকিত হৈ পৰিছে । একাংশ লোকে অভিযোগ কৰা মতে, এটা অদৃশ্য আৰু অপশক্তিয়ে এন আৰ চি কৰ্তৃপক্ষক তীব্ৰ চাপ সৃষ্টি কৰিছে। যাৰ বাবে একাংশ বৈধ ভাৰতীয় লোকৰ নাম এন আৰ চিৰ চুড়ান্ত তালিকাত নাম অহাৰ সম্ভাৱনা নাই।অৱশ্যে এই সন্দেহ, আশংকা কিমান সত্য হয় সেইয়া কাইলৈ পৰিষ্কাৰ হৈ পৰিব।
এন আৰ চিক লৈ শংকা-আতংকত ভুগিছে সংখ্যালঘু ৰাইজে:নগাঁৱত শুকুৰবৰীয়া নামাজত মছজিদে মছজিদে দোৱা
-
By publisher

- Categories: Uncategorized
Related Content
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
By
publisher
May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ' বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
By
publisher
April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026