কমলাবাৰীৰ :সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীত পবিত্ৰ ভাদ মাহত গুৰুদুজনাৰ তিথি ,শ্ৰীকৃষ্ণৰ জন্মোৎসব, আৰু বদলা পদ্ম আতা আদি কেইবা জনো সত্ৰীয়া গুৰুৰ তিথি পৰম্পৰাগত ভাবে পালন কৰি আহিছে। তদুপৰি সম্পূৰ্ণ ভাদ মাহটোত দিনৰ ভাগত আইসকলে আৰু নিশাৰ ভাগত পুৰুষ সকলে মাজুলীৰ সমগ্ৰ গ্ৰাম্যাঞ্চলত নাম কীৰ্তন কৰি আহিছে। ইফালে সত্ৰসমূহত চৈধ্য প্ৰসংগৰে ৰজনজনাই আনএক গুৰুগম্ভীৰ পৰিবেশৰ সুচনা কৰে। তেনেএটা পৰিবেশৰ সৃষ্টি হৈছে মাজুলীস্থ নিকাসংহতিৰ পত্ৰ সমূহত। সাধাৰণতে এই সত্ৰ সমূহত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিথি চাৰিদিনীয়া কাৰ্যসুচীৰে পালন কৰা হয়। প্ৰথম দিনটো চাউল ভোজনী , দ্বিতীয় দিনা থাপনি তৃতীয় দিনা মূল তিথি এইদিনটোক কীৰ্তন বোলা হয় আৰু চতুৰ্থ দিনা ভাঙনি। আজি চাউল ভোজনীৰ দিনটোত নাম, পাঠ, প্ৰসংগ ৰ লগতে উল্লেখনীয় অনুষ্ঠান হ’ল মানচোকৰ নাচ, ঝুমুৰা নাচ, ঘোষাকীৰ্তন ।নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী নাৰায়ণ গোস্বামী পৰম্পৰা সন্দৰ্ভত জানিবলৈ বিচৰাত কয়- গুৰু সকলৰ তিথিক সত্ৰত কীৰ্তন বোলা হয়। সত্ৰৰ ভকত সকলে কোনো দিনে কেতিয়াও পৰম্পৰাৰ পৰা বিচলিত নহয়। ১৯৮৮চনৰ প্ৰবল বান পানীয়ে সত্ৰৰ কীৰ্তনঘৰ দুবাই পেলোৱাৰ পিছতো নাৱৰ ওপৰত গুৰুজনাৰ কীৰ্তন অনুষ্ঠিত কৰিছিল। ভকত সকলে পৰম্পৰা ৰক্ষা কৰাটো পৰম পবিত্ৰ কৰ্তব্য বুলি ভাবে।”
মাজুলীৰ সত্ৰসমূহত চাৰিদিনীয়া কাৰ্যসুচীৰে আৰম্ভ হল শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাব তিথি
-
By publisher

- Categories: Uncategorized
Related Content
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
By
publisher
May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ' বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
By
publisher
April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026