বিটিচিত যিমানে দল সংগঠনে প্ৰতিদ্বন্দিতা নকৰক কিয় বিপিএফ দলক পৰাভূত কৰিব নোৱাৰে ৷ কিয়নো সকলো জাতি জনগোষ্ঠীৰ লোকে বিপিএফ দলক আপোন কৰি লৈছে। এই দলে কেতিয়াও উগ্ৰ জাতীয়তাবাদক সমৰ্থন কৰা নাই ৷সম অধিকাৰ,সম বন্টন,সদবিকাশৰ নীতিৰি তিনিবাৰ ভোটত জয় লাভ কৰাৰ দৰে বিটিচিত চতুৰ্থবাৰৰ বাবেও বিপিএফ দলৰ নেতৃত্বত হে চৰকাৰ গঠন হ’ব ৷এই ভাষ্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ আজি কচুগাঁৱত যুৱ বিপিএফে আয়োজন কৰা বিশাল যুৱ সমাবেশত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিটিচি নিৰ্বাচনৰ বিষয়ে হাগ্ৰামা মহিলাৰীয়ে কয় যে এইবাৰ নতুন চৰকাৰ গঠন কৰাৰ পাছতে দলৰ প্ৰাথমিক কাৰ্যসূচী হিচাপে বিটিচিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে সুকীয়াকৈ গঠন হ’ব উন্নয়ন পৰিষদ ৷ সামগ্ৰিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহ উপস্থাপনৰ সুযোগ নোপোৱাসকলে নিজৰ নিজৰ সমস্যা পৰিষদৰ জৰিয়তে সমাধান কৰিবলৈ সুযোগ পাব ৷একেদৰে চাকৰিৰ বয়স উকলি যোৱা নিবনুৱাসকলৰ বাবে মাহিলী ভাট্টা দিয়াৰ চিন্তা চৰ্চা কৰাৰ উপৰি বিটিচিবাসী ৰাইজৰ পঞ্চাশ শতাংশ বিদুৎ মাচুল বিটিচি চৰকাৰে আদায় দিয়াৰ কথাও চিন্তা কৰি আছে ৷ বিটিচিত বসবাস কৰা ভূমিহীন লোক তথা চৰকাৰী খাছ,বনভূমি আদিত বসবাস কৰা পৰিয়ালক পৰ্যায়ক্ৰমে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব বুলি সমাবেশত মুকলিকৈ ঘোষডা° কৰে ।বিটিচি নিৰ্বাচনত বিপিএফ দলে ক্ষমতা লাভ কৰিলে প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমিহীন লোকে মাটিৰ পট্টা পোৱাটো খাটাং ৷এই প্ৰতিশ্ৰুতি বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ। বিটিচিৰ নিৰ্বাচনত বিশাল জনসমাবেশেৰে আজি কঁচুগাওঁত নিৰ্বাচনী ৰণ শংকা বজোৱা বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে বিটি আৰ শান্তি চুক্তিক আদৰণি জনায় অস্ত্ৰ সম্বৰণ কৰা এন ডি এফ বি ৰ চাৰিওটা গোটৰ শলাগ লয়। ইয়াৰ বিপৰীতে জনগণক উদ্দেশ্য কৰি দিয়া ভাষণত বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে এবছুৰ পৃথক বড়ো ৰাজ্য গঠনৰ আন্দোলন স্থগিত কৰি বিটি আৰ চুক্তি স্বাক্ষৰ কৰা প্ৰমোদ বড়ো ক তীব্র ভাষাৰে সমালোচনা কৰে। গণ সমাবেশত স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, মৃত্যুঞ্জয় নাৰ্জাৰীকে ধৰি বহু সংখ্যক শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে। অন্যহাতে এন ডি এফ বি, ইউ পিপি এল, কংগ্রেছ, গণ সুৰক্ষা পাৰ্টী, এবছু আদি দল সংগঠনৰ পৰা পাঁচ সহস্ৰাধিক লোকে বি পি এফ ত যোগদান কৰে।
কঁচুগাওঁত বিপিএফৰ বিশাল যুৱ সমাৰোহ
-
By samimsultana

Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026