গুৱাহাটী,২২ মাৰ্চঃ ন’ভেল কৰ’না ভাইৰাছৰ বাবে সম্প্ৰতি সমগ্ৰ অসমতে আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷দেশত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ সৰ্বত্ৰে সম্প্ৰতি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই গুৱাহাটী মহানগৰীৰ উপৰি ৰাজ্যৰ বিভিন্ন গাঁও চহৰৰ মানুহে অনাহকত বাহিৰত থকাৰ পৰিৱৰ্তে নিজগৃহতে সময় কটাইছে ৷ ফলত বিভিন্ন স্থানত এতিয়া বন্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। বিদ্যালয়,মহাবিদ্যালয় আদি বন্ধ হৈ পৰাৰ লগতে নানা বিভাগৰ তৰফৰ পৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷উল্লেখ্যযোগ্য যে অসমত এতিয়ালৈকে কোনো লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা নাই। অৱশ্যে বিভিন্ন স্থানৰ লোক আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷ইয়াকে কেন্দ্ৰ কৰি সম্প্ৰতি অসমত আতংকৰ সৃষ্টি হৈছে ৷বিশেষকৈ বহিঃৰাজ্যত কৰ্মৰত তথা বিদেশ ভ্ৰমণ কৰি উভতি অহা একাংশ লোকৰ বাবে মানুহৰ মনত আতংক বৃদ্ধি পাইছে ৷ইয়াৰে কিছু সংখ্যক লোকে সন্দেহৰ আৱৰ্তত থকা সত্ত্বেও স্বাস্থ্য পৰীক্ষা নকৰাই মুকলিমূৰীয়াকৈ ঘূৰি ফুৰাৰ বাবেও মানুহ আতংকিত হোৱাৰ অভিযোগ উঠিছে ৷ইয়াৰ সমান্তৰালকৈ নানা উৰাবাতৰিয়েও সাধাৰণ লোকক বিভ্ৰান্ত কৰাৰ তথ্য পোৱা গৈছে ৷আনকি উৰা বাতৰি বিয়পোৱাৰ অভিযোগত শিৱসাগৰত এজন যুৱকক আটক কৰা হয় ৷
ৰাজ্যত কৰ’না আক্ৰান্তৰ সন্দেহত বহু লোকক পৰ্যবেক্ষণত,শংকা বৃদ্ধি
-
By publisher

- Categories: News
- Tags: Corona Virus
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026