কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয় পৰ্যায় হৈছে আটাইতকৈ ভয়াবহ। এই পৰ্যায়ত একো একোটা সম্প্ৰদায়ত সংক্ৰমণ বিয়পে। ভাৰতত এতিয়া সমূহীয়া আক্ৰমণ আৰম্ভ হৈছে নেকি তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। দেশৰ স্বাস্থ্য সেৱা মহলত কৰ্তৃত্ববাহী সংস্থাটোৰ মতে , দেশজুৰি কৰ’না সংক্ৰমণে আজি 490 স্পৰ্শ কৰিলে। মনকৰিবলগীয়া যে দেশৰ কেইবাখনো আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে দাবী কৰে যে ভাৰত তৃতীয় পৰ্যায়ত উপনীত হৈছে। কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় পৰ্যায়ত উপনীত হোৱাৰ বিষয়ে পূৰ্বতে বিষেশজ্ঞসকলে অৱগত কৰিছিল। স্বাস্থ্য মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকলে কয় যে, ‘ব্ৰেক দ্য চেইন’ অৰ্থাৎ সংক্ৰমনৰ শিকলি বা শৃংখলা ভাঙি পেলোৱাৰ নীতি অনুসৰণ কৰি ইয়াক দ্বিতীয় পৰ্যায়তে আবদ্ধ কৰি ৰাখিবলৈ কেন্দ্ৰ আৰু ৰাজ্যই সৰ্বশক্তি প্ৰয়োগ কৰিছে। সমূহীয়া সংক্ৰমণ হ’লে বিদেশৰ পৰা অহা অথবা সংক্ৰমিত লোক বা ৰোগীৰ প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ নহাকৈ এজন সুস্থলোক আক্রান্ত হ’ব পাৰে। ফলত ভাৰতৰ দৰে তুলনামূলক ভাৱে দুর্বল স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ দেশত তৃতীয় পৰ্যায়ত উপনীত হ’লে ভয়াবহ হ’ব পাৰে বুলি আশংকাই গা কৰি উঠিছে।এই পৰ্যন্ত বিদেশ ভ্ৰমণৰ পৰা উভতি অহা জ্বৰ, চৰ্দি, উশাহ নিশাহত কষ্ট আদিৰ উপসৰ্গই দেখা দিয়া সকলৰ পৰীক্ষা কৰা হৈছে। তদুপৰি যিসকল সংক্ৰমিত লোকৰ স্পৰ্শলৈ আহিছে, লক্ষণে দেখা দিয়া স্বাস্থ্যকৰ্মী আদিৰ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। একেদৰে লক্ষণ নাথাকিলেও আক্রান্তৰ ওচৰচপাজনৰো পৰীক্ষা কৰা হৈছে। তৃতীয় পৰ্যায় ৰোধ কৰিবলৈ সেয়েহে মূলতঃ নতুন সংক্ৰমণ ৰোধৰ ওপৰত স্বাস্থ্য বিভাগে গুৰুত্ব আৰোপ কৰিছে।
কৰ’না ভাইৰাছৰ আটাইতকৈ বিপজ্জনক তৃতীয় পৰ্যায়ত ভাৰত
-
By publisher

- Categories: News
Related Content
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা 'মহাবীৰ একুৱা' বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
By
publisher
April 29, 2026
Batadrava Than Pressmeet:১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
By
publisher
April 29, 2026