অনাগত দিনৰ শীতৰ সময়ত কৰ’না ভাইৰাছ সম্প্ৰসাৰণ হোৱাৰ আশংকা ব্যক্ত কৰিছে আমেৰিকাৰ বিশেষজ্ঞসকলে ৷ ডেংগু আৰু মেলেৰিয়াৰ দৰে কৰ’না ভাইৰাছৰ প্ৰতিষেধক অথবা চিকিৎসা পদ্ধতি আৱিষ্কাৰ ন’হলে বছৰৰ এটা নিৰ্দিষ্ট সময়ত এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আংশকা প্ৰবল হৈ পৰিছে ৷ইতিমধ্যে আমেৰিকা আৰু চীনত কৰ’না ভাইৰাছৰ প্ৰতিষেধক মানৱ শৰীৰত প্ৰয়োগ কৰিবলৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি আছে ৷ ইফালে বিশিষ্ট বিশেষজ্ঞ এন্টনী ফিউচীৰ গৱেষণা অনুসৰি শীতৰ সময়ত এই ভাইৰাছ বৃদ্ধি পাৰে৷ লগতে তেওঁ কয় যে আফ্ৰিকাৰ দক্ষিণ অংশ তথা দক্ষিণ গোলাৰ্দ্ধৰ দেশসমূহতে শীতৰ সময়ত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷গতিকে ইয়াৰ কাৰণে অনাগত শীতৰ দিনত আগতীয়াকৈ সাৱধান হ’ব ৷কিছুদিন পূৰ্বে আমেৰিকাত কৰ’নাৰ প্ৰতিষেধক মানৱদেহত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰিছে ।একেই প্ৰক্ৰিয়া চীনতো বৰ্তমান চলি আছে ৷এন্টনী ফিউচীয়ে কয় যে আমেৰিকা আৰু চীনত মানৱদেহত চলোৱা এই পৰীক্ষাৰ ফলাফলত নিশ্চয়তা আনিবলৈ কিছুদিন লাগিব ৷ তেওঁলোকৰ মত , ‘ আমি আমাৰ লক্ষ্যত উপনীত হ’ম ৷অনাগত দিনত কৰ’না ভাইৰাছৰ পৰা দেশক ৰক্ষা কৰিবলৈ আমি সকলো সাজু থাকিব লাগিব।‘ কিন্তু শীতৰ সময়ত যে কৰ’না ভাইৰাছ অত্যাধিক পৰিমাণে সংক্ৰমিত হয় বা গ্ৰীষ্মৰ কালত নহয় তাৰ কোনো প্ৰমাণ নাই। গতিকে এই সন্দৰ্ভত অনাগত দিনতহে বিতংকৈ দিব পাৰিব ৷ এন্টনীৰ মন্তব্য, ‘ শীত কালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। গতিকে যিকোনো ভাইৰাছে আমাৰ শৰীৰত সংক্ৰমণ কৰিবলৈ সুবিধা পায়। গতিকে এই ভাইৰাচৰ সংক্ৰমণ হ্ৰাস পালেই যে এখন দেশে মহামাৰীৰ পৰা মুক্তি লাভ কৰিলে এনে নহয়। অনাগত দিনৰ শীতৰ সময়লৈ প্ৰস্তুত থাকিব লাগিব সকলো ।‘ কিন্তু তাৰ প্ৰাকমুহূৰ্তত কৰ’নাৰ প্ৰতিষেধক আৱিষ্কাৰ হওঁক এই আশা বিশেষজ্ঞসকলৰ ৷
অনাগত দিনৰ শীতৰ সময়ত কৰ’না ভাইৰাছ সম্প্ৰসাৰণ হোৱাৰ আশংকা
-
By publisher

- Categories: News
- Tags: Corona Virus
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026