কৰ’নাত প্ৰথম শিশুৰ মৃত্যু

2AP1TD2 b598c7937e0cb7c3ddb3d98f6d897d82 1

পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত বয়সস্থ লোকসকলৰ প্ৰতি কৰ’নাই ভয়াবহ ভাবুকি কঢ়িয়াই অনা  পৰিলক্ষিত হৈছে। কিন্তু শিশুসকলৰ ক্ষেত্ৰত এই ৰোগ ইমান মাৰাত্মক হৈ উঠা  নাছিল। এইবাৰ তেনে এক ঘটনাই ঘটিল আমেৰিকাত। চিকাগোত মৃত্যু হ’ল কৰ’না আক্রান্ত শিশুৰ। প্ৰথমবাৰৰ বাবে শিশুৰ মৃত্যুত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে চিকিৎসসকল ।

ইয়াৰ পূৰ্বে কৰ’নাত আক্ৰান্ত হৈ কণমানি শিশুৰ মৃত্যু হৈছে নে নাই সেই সম্পৰ্কে কোনো স্পষ্ট তথ্য নাই। কালি চিকাগোত মৃত্যু হোৱা শিশুটিৰ বয়স এবছৰৰো কম। চিকাগোৰ জনস্বাস্থ্য বিভাগে কয় যে ইয়াৰ পূৰ্বে তেঁওলোকে ক’ভিদ-১৯ ৰ ফলত শিশুৰ মৃত্যুৰ দৰে ঘটনা পৰিলক্ষিত হোৱা নাই। মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ তদন্ত কৰিব বুলিও কয়। বিগত সপ্তাহত পেৰিছত এগৰাকী ১৬ বছৰীয়া কিশোৰী কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছিল। সেই ঘটনাক চিকিৎসকসকলে বিৰল বুলি কয় । একেদৰে বিগত সপ্তাহত এটি কিশোৰৰ লছ এঞ্জেলছত মৃত্যু হয় ।

 

Exit mobile version