অৰুণাচল প্ৰদেশত আজি ক’ৰ’না ভাইৰাছৰ প্রথমটো ঘটনা । ৩১ বছৰীয়া যুৱকজন কৰ’নাত আক্ৰান্ত বুলি সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে| টুইটাৰ জৰিয়তে মুখ্যমন্ত্ৰী জনে আক্ৰান্ত যুৱকজন দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লৈ ঘূৰি অহাৰ পাছত ২৪ মাৰ্চৰ পৰা কোৱাৰেণ্টাইত আছিল বুলি সদৰি কৰিছে। লোহিত জিলৰ তেজুৰ এই যুৱকগৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পাছত ৰাজ্যখনত আতংকই বিৰাজ কৰিছে | এটা সূত্ৰৰ প্ৰকাশ, ক’ৰ’নাত আক্ৰান্ত যুৱকজন যোৱা ১৬ মাৰ্চত দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লৈছিল | লুহিত জিলা প্ৰশাসনে তবলিগী জামাতত অংশ লোৱা মুঠ সাতগৰাকী লোককো কোৱাৰেণ্টাইনত ৰাখিছে। এই লোকসকলে যোৱা ডিচেম্বৰ মাহত অসমৰ তিনিচুকীয়া জিলাৰ পৰা একেলগে দিল্লীলৈ যাত্ৰা কৰিছিল। যোৱা ১৯ আৰু ২০ মাৰ্চৰ ভিতৰত নামছাই, লোহিত আৰু ইটানগৰলৈ উভতি আহিছিল। এই সাতগৰাকী লোকে দিল্লীৰ তবলিগী জামাতত অংশ লোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত বাহৰ পাতিছিল।
অৰুনাচলত কৰ’না আক্ৰান্তৰ প্ৰথমটো ঘটনা
-
By publisher

01.04.2020: Hyderabad: Chemical and metallurgical laboratory making hand sanitiser for Southern central railway staffs who makes Quarantine / Isolation coaches at lalaguda carriage railway work shop in Secunderabad on Wednesday. Express / S Senbagapandiyan.
- Categories: COVID-19, News
- Tags: ARUNACHAL PRADESHCovid-19INDIA FIGHTS CORONAVIRUSSTAY HOME STAY SAFE
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026