কৰ’না ভাইৰাছ ৰোধ কৰিবলৈ দেশত উপযুক্ত সামগ্ৰীৰ সম্প্ৰতি সম্পূৰ্ণ অভাৱ। এনেবোৰ সামগ্ৰীৰ অভাৱৰ মাজেদি এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলগীয়া হৈছে চিকিৎসক- নাৰ্ছসকলে। সেই সমস্যা দূৰ কৰিবলৈ এতিয়া কৰ’নাৰ উৎপত্তিস্থল চীনৰ দ্বাৰস্থ হ’বলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰ। দেশৰ এক শীৰ্ষস্থানীয় সংবাদমাধ্যমক কেন্দ্ৰীয় চৰকাৰৰএজন উচ্চপদস্থ বিষয়াই অৱগত কৰা মতে, কৰ’না ৰোধৰ বাবে চৰকাৰে চীনৰ পৰাই মাস্ক আৰু ভেন্টিলেটৰ ক্ৰয় কৰিব।
উল্লেখ্য যে ইনভেষ্ট ইণ্ডিয়া নামৰ এটা বেচৰকাৰী সংস্থাই সম্প্ৰতি কৰ’না ৰোধৰ ক্ষেত্ৰত দেশৰ আন্তঃ গাঁথনিৰ মাত্ৰ ২৫ শতাংশহে ভাৰতত মজুত আছে। তেওঁলোকে জনাইছে যে চিকিৎসাৰ বাবে মাস্ক, ভেন্টিলেটৰ আৰু পি পি ই তৈয়াৰ কৰাৰ বাবে মুঠ ৭৩০ টা কোম্পানীৰ সতে যোগাযোগ কৰা হৈছিল। ইয়াৰ ভিতৰত ৩১৯ টা কোম্পানীযেহে ইতিবাচক উত্তৰ দিছে। দেশত কৰ’না পৰীক্ষাৰ কিটৰ অভাৱক লৈ আগতেই প্ৰশ্ন উত্থাপন কৰা হৈছিল। সেই অভাৱ দূৰ কৰিবলৈ দেশৰ সম্প্ৰতি মাস্ক আৰু চিকিৎসকৰ বাবে ব্যক্তিগত সুৰক্ষাত্মক সামগ্ৰী তৈয়াৰৰ চেষ্টা অব্যাহত আছে। সেই প্ৰক্ৰিয়া সময়সাপেক্ষ। সম্প্ৰতি যোগানৰ যাতে অভাৱ নহয়, সেয়া নিশ্চিত কৰাৰ বাবে এতিয়া চীন আৰু দক্ষিণ কোৰিয়াৰ পৰাও মাস্ক আৰু ভেন্টিলেটৰ ক্ৰয় কৰা হ’ব বুলি এক সূত্ৰই জনাইছে।
অন্যহাতে, কেন্দ্ৰৰ এজন উচ্চপদস্থ বিষয়াই জনাইছে যে দেশত এই সৰঞ্জামসমূহ নিৰ্মাণৰ বাবে সময় লাগিব । সেয়ে চীনৰ পৰা এইবোৰ কিনিবই লাগিব। কিন্তু চীনৰ পৰা মাস্ক আৰু ভেন্টিলেটৰ ক্ৰয়ৰ সিদ্ধান্তক লৈও প্ৰশ্ন উঠিছে। কিয়নো চীনৰ চিকিৎসা সৰঞ্জামৰ গুণগত মানক কেন্দ্ৰ কৰি ইতিমধ্যে নেডাৰলেণ্ড, স্পেইন আদি দেশে অসন্তুষ্টি প্ৰকাশ কৰিছে। গুণগত মান অনুন্নত হোৱাৰ বাবে এই দেশসমূহে বহু পণ্য ওভতায়ো পঠাইছে। আনহাত, পণ্য মানক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগ চীন চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে স্বীকাৰো কৰিছে। কিন্তু সমস্যা হৈছে, এই মুহূৰ্তত একপ্ৰকাৰ নিৰূপায় হৈ পৰিছে ভাৰত চৰকাৰ। যেতিয়ালৈকে দেশীয় পদ্ধতিৰে এই চিকিৎসা সৰঞ্জাম নিৰ্মাণ নহয়, তেতিয়ালৈ চীনেই ভৰসা বুলি উচ্চস্তৰীয় সূত্ৰটোৱে কয়।