লকডাউনৰ প্ৰভাৱতে পথাৰতে পচিছে অধিক চাহিদাকৃত ষ্ট্ৰৱেৰী

udalguri strawberry

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমন ৰোধৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ২১ দিনীয়া তলাবন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ লগতে অসমবাসীয়েও শান্তিপূৰ্ণভাৱে মানি চলিছে এই কাৰ্যসূচী। ফলত বিগত ৯ দিন ধৰি বন্ধ হৈ আছে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ।

ঠিক একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গাওঁ অঞ্চলৰ লগতে ওদালগুৰি জিলাৰ কৃষকসকলে পৰিশ্ৰমেৰে পথাৰত কৰা শস্যসমূহ বিক্ৰী কৰিবলৈ উপযুক্ত স্থানৰ অভাৱত পথাৰতে পাচলিসমূহ নষ্ট হ’বলৈ ধৰিছে, কিন্তু এইসমূহ সাঁচি ৰখাৰ বাবে কোনো ব্যৱস্থা নথকাৰ বাবে ওদালগুৰি জিলাৰ মোহনপুৰ, কাজিয়ামাটি, হাপাগাওঁ ইত্যাদি অঞ্চলত এতিয়া সাধাৰণ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

সমান্তৰালভাৱে একে সময়তে সমানে ক্ষতিগ্ৰস্ত হৈছে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত শ শ বিঘা মাটিত কৰা অত্যাধিক চাহিদাযুক্ত ফল ষ্ট্ৰৱেৰী খেতিৰে স্বাৱলম্বনৰ মুখ দেখা কৃষকসকল। এই সন্দৰ্ভত ষ্ট্ৰৱেৰীৰ খেতি কৰি বৰ্তমান লোকচানৰ সন্মূখীন হোৱা দুগৰাকী কৃষক ক্ৰমে ২নং গৰৈবাৰীৰ ভৰত বড়ো আৰু পুৰণি হাপাগাওঁৰ ৰণচাইগ্ৰা ব্রহ্মই তেওঁলোকে  বৰ্তমান লোকচানৰ সন্মুখীন হোৱা ষ্ট্ৰৱেৰীৰ খেতিৰ বিষয়ে জানিবলৈ দি কয় যে বিগত বৰ্ষৰ অক্টোবৰ মাহত তেওঁলোক বিভিন্নজন লোকৰ পৰা টকা ধাৰ লৈ প্ৰায় ৭ বিঘা মাটিত ৫ লাখ টকা ব্যয়ৰে ষ্ট্ৰৱেৰীৰ খেতি কৰিছিল।

কিন্তু বিগত প্ৰায় এমাহমানৰ পৰা পকিবলৈ আৰম্ভ কৰা ষ্ট্ৰৱেৰীসমূহৰ কিছুসংখ্যক বিক্ৰী কৰিবলৈ সক্ষম হয় যদিও পৰৱৰ্তী সময়ত দেশজুৰি তলাবন্ধৰ ঘোষণাৰ বাবে বৃহৎ সংখ্যক ষ্ট্ৰৱেৰী এতিয়া পথাৰতে পকিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত দুইগৰাকী কৃষকে প্ৰায় ৮ লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ কথা অৱগত কৰে। ইয়াৰ সন্দৰ্ভত প্ৰশাসন তথা কৃষিবিভাগটোৱে যাতে আগবাঢ়ি আহি ষ্ট্ৰৱেৰীসমূহ শীতলীকৰণ গৃহত ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনায়।

উল্লেখ্য যে ওদালগুৰি চহৰখনৰ বিভিন্ন প্ৰান্তত ষ্ট্ৰৱেৰী, তৰমুজকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় পাচলিসমূহ বজাৰৰ অভাৱত পথাৰতে পচিবলৈ আৰম্ভ কৰিছে। এইক্ষেত্ৰত কৃষি বিভাগটোৱে কোনোধৰণৰ পদক্ষেপ লৈ কৃষক সকলক সকাহ দিয়াৰ বাবে প্ৰতিজন কৃষকে কাতৰ আহ্বান জনাইছে।

Exit mobile version