Meghalaya:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-চুবুৰীয়া মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা এক মৰ্মান্তিক ঘটনাই সকলোকে মিয়ম্ৰান কৰি তুলিছে। পথৰ দাঁতিত উদ্ধাৰ হয় এটি অৰ্ধমৃত নৱজাতক ৷গাতত পুঁতি থোৱা অৱস্থাত নৱজাতক কন্যা শিশুটি লৰচৰ কৰি থকা প্ৰত্যক্ষ কৰে বিদ্যালয়লৈ বুলি গৈ থকা এটি ছাত্ৰই। ইয়াৰ পিছত ছাত্ৰজনে হুলস্থূল কৰাত স্থানীয় লোক উপস্থিত হৈ গাঁতৰ পৰা কন্যা শিশুটি উদ্ধাৰ কৰি ততাতৈয়াকৈ নংপো অসামৰিক চিকিৎসালয়ত ভর্তি কৰে ৷ এই মৰ্মান্তিক ঘটনা ৰি-ভই জিলাৰ মাওহাটীত ৷
ADVERTISEMENT
সন্দেহ কৰা মতে পৰিয়াল আৰু সমাজৰ মুখ লজ্জাৰ পৰা বাচিবলৈ কোনো যুৱতীয়ে এইদৰে নৱজাতকটোক গাঁতত পুতি থৈ যায়।





























