গোটেই বিশ্ব জুৰি চলি থকা ক’ৰনা ভাইৰাছৰ ত্ৰাসৰ সময়তে দিল্লীৰ নিজামুদ্দিনত তবলিগি জামাতৰ অনুষ্ঠানত হেজাৰ হেজাৰ লোক সমবেত হোৱাৰ ফলত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পালে । এই সন্দৰ্ভত সঙ্গীতশিল্পী এ আৰ ৰহমানেও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনালে যে, এয়া ধৰ্মীয় স্থানত সমবেত হৈ অৰাজকতাৰ সৃষ্টি কৰাৰ সময় নহয় । শিল্পী গৰাকীয়ে এই সন্দৰ্ভত টুইট ও কৰে । তেওঁ কয় যে ,”ভাৰতৰ সকলো চিকিৎসালয়, ক্লিনিক আদিত কৰ্মৰত চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মীসকলক তেওঁলোকৰ নিঃস্বাৰ্থ সেৱা আৰু সাহসৰ বাবে ধন্যবাদ জ্ঞাপনৰ উদ্দেশ্যেৰে মই এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো। আমাৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁলোকে যিদৰে নিজৰ জীৱনক বিপদৰ সন্মুখীন কৰাইছে । এই সকল লোকৰ তৎপৰতা প্ৰদৰ্শন কৰি মোৰ অন্তৰ ভৰি পৰিছে । এয়া আমি মতভেদ পাহৰি অদৃশ্য শত্ৰুৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিয়াৰ সময়। এতিয়া মানৱতা আৰু আধ্যাত্মিকতাক কামত লগোৱা সময়।ঈশ্বৰ আপোনাৰ হৃদয়ত আছে সেয়ে ধৰ্মীয় স্থানত সমবেত হৈ অৰাজকতাৰ সৃষ্টি কৰা উচিত নহয় ।”
নিজামুদ্দিন প্ৰসংগত টুইট কৰিলে অস্কাৰ বিজয়ী সঙ্গীত শিল্পী এ আৰ ৰহমানে
-
By publisher

- Categories: COVID-19, News
- Tags: A R RAHMANCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAVIRUSSTAY HOME STAY SAFE
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026