কৰ’না ভাইৰাছৰ আতংকৰ মাজতে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তর্গত দাকাইদল গাঁওৰ দুগৰাকীকৈ কিশোৰৰ আজি বিয়লী পানীত পৰি মৃত্য হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । ঘটনাক্ৰমে দাকাইদল গাঁওৰ জয়নাল আবেদিনৰ পুত্র মাহমুদ আলী(১৪) আৰু নজমুল সেখৰ পুত্ৰ জাহানুৰ ইছলামে (১১) লগৰীয়াৰ সৈতে ঘৰৰ ওচৰতে থকা দুধনৈ- কৃষ্ণাই নদীত মাছ মাৰিবলৈ গৈছিল । মাছ ধৰিবলৈ কিশোৰ দুগৰাকীয়ে পানীত ডুব দিয়ে যদিও বহু পৰলৈকে ওপৰলৈ উঠি নহাত লগৰীয়া সকলে পৰিয়ালৰ লোকক খবৰ দিয়ে । পিছত পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃত অৱস্থাত কিশোৰ দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । মৃত কিশোৰ দুগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰনৈ আৰক্ষীয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে |
মাছ মাৰিবলৈ গৈ গোৱালপাৰাৰ দাকাইদলত দুই কিশোৰৰ সলিল সমাধি
-
By publisher

Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026