শিলঘাট বিহডুবিত ব্ৰহ্মপুত্ৰৰ বালিতে নষ্ট হৈছে শ শ বিঘা তৰমুজ খেতি

NAGAON

তৰমুজৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলোৱা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাটৰ বিহডুবি অঞ্চলৰ একাংশ কৃষকে চকুৰে সৰিয়হফুল দেখিছে। অবাঞ্চিত পৰিস্থিতিৰ সন্মূখীন হৈ এই দৰিদ্ৰ কৃষকসকলে এতিয়া চকুলো টুকাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈছে। তৰমুজৰ গছত লগা ফলবোৰ বিক্ৰী কৰাৰ সময়তে কৰ’না ভাইৰাছে সৃষ্টি কৰা অচল পৰিস্থিতিৰ বাবে কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। কৰ’না ভাইৰাছৰ বাবে এতিয়া সকলো গৃহ বন্দী হ’ব লগা পৰিস্থিতিত ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত শিলঘাট বিহডুবি বালি চৰত কৃষকে কৰা তৰমুজ খেতি এতিয়া নষ্ট হ’বলৈ ধৰিছে। এই অঞ্চলৰ খেতিয়কে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত তৰমুজ খেতি কৰি আহিছে। কিন্তু এইবাৰ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে লক ডাউন ঘোষণা কৰাৰ বাবে কৃষকলৈ নামি আহিছে ঘোৰ অমানিশা।

শিলঘাট বিহডুবিৰ গঙ্গা ৰাজফৰ, লক্ষী ৰাজফৰ, লক্ষ্মন ৰাজফৰ, ব্ৰজনাথ, পংকজ হাজৰিকা, শম্ভু, অখিল, কিছন আদি বহুকেইবাগৰাকী কৃষকে শ শ বিঘা মাটিত তৰমুজৰ খেতি আৰম্ভ কৰিছিল । ঋণ লৈ অধিক পৰিশ্ৰমেৰে আহিন মাহৰ পৰা তৰমুজৰ খেতি কৰা আৰম্ভ কৰাৰ পিছত তৰমুজ বোৰ বিক্ৰী কৰাৰ বাবে সাজু হৈছিল । কিন্তু এনে সময়তে কৰ’না ভাইৰাছৰ বাবে চৰকাৰে লক ডাউন ঘোষণা কৰাত কৃষক সকলৰ সকলো আশা মৰহি গল। কৃষকসকলে জানিবলৈ দিয়া মতে, তৰমুজ বিক্ৰী কৰি পোৱা টকাৰে ঋণ পৰিশোধ কৰাৰ লগতে নিজৰ পৰিয়ালটোক পোহ পাল দিয়াৰ সহায় হয়। এতিয়া তৰমুজ সমূহ পথাৰতে নষ্ট হ’ব ধৰাত সমস্যাৰ সন্মুখীন হৈছে। অন্যহাতে, ৮-১০ দিনৰ ভিতৰত তৰমুজ বিক্ৰী কৰিব নোৱাৰিলে প্ৰায় ৩ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হ’ব বুলিও কয় পংকজ হাজৰিকাই।

Exit mobile version