হঠাৎ হাস্পতালৰ পৰা পলাল ৰোগী 

BANGALDESH

তৎক্ষণাত হৈ- চৈ লাগিল এখন হস্পিতালত। ৰোগী বোৰৰ মাজত লাগিল হুৱা-দুৱা। যিয়ে যেনেকৈ  পাৰিছে পলাইছে,মুঠতে প্ৰাণৰ মমতাত পলাইছে। ঘটনাৰ আচল ৰহস্য  পিছতহে পোহৰলৈ আহিল। কোনোবাই প্ৰচাৰ কৰিলে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীক চীনৰ দৰে বেজী দি হত্যা কৰা হ’ব। এই ঘটনা সংঘটিত হ’ল বাংলাদেশৰ  দক্ষিণ জনপদ জিলাৰ ভোলাৰ মনপুৰাৰ ৫০খন বিছনাযুক্ত এখন চিকিৎসালয়ত । এই উৰাবাতৰিৰ ফলতেই একেদিনাই ২০জন ৰোগী আতংকিত হৈ পলায়ন কৰিছিল। এই গুজৱ প্ৰচাৰিত হোৱাৰ পাছত চিকিৎসালয়খনত ৰোগীয়ে ভৰ্তি হ’বলৈও অস্বীকাৰ কৰিছে ।

ADVERTISEMENT

 

Exit mobile version