দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো কৰ’না ভাইৰাছ সংক্ৰমণৰ মূল উৎস হৈ পৰা নিজামুদ্দিনৰ তবলিগি জামাতলৈ যোৱা লোকসকলৰ পৰা প্ৰয়োজনীয় সহযোগিতা লাভ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে | অথচ বিষয়টো অতি স্পৰ্শকাতৰ হোৱা বাবে কোনো লোককে তথ্য গোপন নকৰি স্ব-ইচ্ছাৰে ওলাই আহিবলৈ চৰকাৰে বাৰম্বাৰ আহ্বান জনাই আহিছে | আনকি জামাতলৈ যিসকলে বিভিন্নজনক প্ৰেৰণত নেতৃত্ব লৈছিল তেওঁলোকেও এই ক্ষেত্ৰত কোনো সহযোগিতা আগবঢ়োৱা নাই | ইয়াৰ পৰিপ্ৰেক্ষিততে চৰকাৰে অৱশেষত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে| শনিবাৰে এনে সকীয়নি দি ইয়াত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমি দেওবাৰ পৰ্যন্ত ৰ’ম | দেওবাৰ ভিতৰত যদি মানুহবোৰ ওলাই নাহে তেনেহ’লে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব | আনি আৰক্ষীক জনাই দিম যে স্বাস্থ্য বিভাগে আৰু পৰা নাই | গতিকে আৰক্ষীয়ে চাব লাগে | মই অতি দুখেৰে কওঁ যে নিজামুদ্দিনৰ জামাতলৈ যোৱা লোকসকলৰ পৰাই পৰিস্থিতিয়ে নাটকীয় ৰূপ লৈছে | খবৰ পাইছো, বহুত মানুহ তালৈ গৈছিল | কিন্তু তেওঁলোকে নিজে আমাৰ লগত যোগাযোগ নকৰে | বিচাৰি বিচাৰি স্বাস্থ্য বিভাগৰ লোকে গৈ সুধিলেহে সঁচা কথাটো কয় | প্ৰথমটে সঁচা কথাটোৱেই ক’ব নোখোজে | আমি নিজামুদ্দিনৰ কেচ শেষ কৰিব পৰা নাই | ই চলি থাকিব |’ এই ক্ষেত্ৰত নিজামুদ্দিনলৈ মানুহ প্ৰেৰণ কৰা তথা লৈ যোৱাৰ দায়িত্ব লোৱা ৰাজ্যিক আৰু জিলা স্তৰৰ আমিৰসকলৰ পৰাও স্বাস্থ্য বিভাগে সহযোগিতা নোপোৱা বুলি মন্ত্ৰীজনে আক্ষেপ কৰে | এই ক্ষেত্ৰত তেওঁ কয়, ‘ আমি আমিৰসকলক শেষবাৰৰ বাবে অনুৰোধ কৰিছো, মানুহৰ তালিকাখন আপোনালোকে নিজে আমাক দিয়ক | আমি এই অনুৰোধ আগতেও জনাইছো যদিও সহযোগিতা পোৱা নাই | আমি উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলক তেওঁলোকৰ জিলাত থকা আমিৰৰ লগত প্ৰাৰম্ভিক কথা-বতৰা পাতিব কৈছো | আমাক তেওঁলোকে তালিকা দিয়া উচিত | শেষবাৰৰ বাবে আমাৰ এই অনুৰোধ | দক্ষিণ শালমাৰাৰ পৰা বৰাক হৈ লখিমপুৰ পাইছে ক’ভিড-১৯এ | গোটেই অসম ছানি ধৰিছে | মানুহবোৰক অনুৰোধ কৰিছো, আপোনালোকে বাহিৰৰ কথাত বিশ্বাস নকৰিব | খোৱা-বোৱা বেয়া, চিকিৎসা ভাল নহয় আদি অপপ্ৰচাৰ চলিছে | কিন্তু আমি প্ৰকৃততে ৰোগীসকলক কি ধকণে ব্যৱহাৰ কৰিছো সেই সত্যটো জনা উচিত | মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত থকা ৰোগীসকলক একোটাকৈ ম’বাইল ফোন দিছো | তেওঁলোকে ঘৰলৈ ফোন কৰিব পাৰিছে | বাহিৰৰ পৰা অহা মানসিক বিশেষজ্ঞই তেওঁলোকক পৰামৰ্শ দিছে | কাছাৰত পদ্মশ্ৰী ডা:কান্নানৰ দৰে চিকিৎসকক ৰোগীয়ে কাষত পাইছে | আমি প্ৰত্যেকেজন মানুহকে পেচেন্ট হিচাপে বিচাৰিছো | গতিকে, যিসকলে আমাক এতিয়াও সহযোগ কৰা নাই তেওঁলোক ওলাই আহক |’
তথ্য লুকুওৱাসকলক শেষ সকীয়নি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSCovid-19Himanta Biswa Sarma
Related Content
Result HS 2026
By
publisher
April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
By
publisher
April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
By
publisher
April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
By
publisher
April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026