দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত তবলিগি জামাতত অংশ লৈ ঘৰলৈ উভতি অহা লখিমপুৰৰ এজন যুৱকৰ দেহত কৰ’না ভাইৰাছৰ সন্ধান ওলোৱাত আতংকৰ সৃষ্টি হৈছে ৷ জিলাখনৰ বাণিজ্যিক স্থান কে বি ৰোডৰ ১১ নম্বৰ ৱাৰ্ডৰ জহৰ আলীৰ পুত্ৰ ১৮ বছৰীয়া বাবু আলীৰ দেহত কৰ’না ভাইৰাছৰ বীজাণু থকা বুলি স্বাস্থ্য বিভাগে সদৰি কৰে ৷ তথ্য অনুসৰি বাবুয়ে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতত অংশ ল’বলৈ লখিমপুৰৰ পৰা ৰাওনা হৈছিল ৷ নিজামুদ্দিন মাৰ্কাজত অংশ লৈ দিল্লীৰ পৰা ২২ মাৰ্চত লখিমপুৰত উপস্থিত হয় ৷
জিলা প্ৰশাসনে উক্ত দিনাই যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰতে কোৱাৰেন্টাইনত থাকিবলৈ পৰামৰ্শ দিয়ে ৷ প্ৰশাসনৰ নিৰ্দেশ নামানি গৃহবন্দী হৈ থকাৰ পৰিৱৰ্তে তেওঁ ঘূৰি ফুৰাৰ খবৰ পাই প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত যুৱকজনক আটক কৰি লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ইয়াৰ পিছত স্বাস্থ্য বিভাগে যুৱকজনৰ শৰীৰত ক’ভিড ১৯ থকাৰ কথা সদৰি কৰে ।ইপিনে বাবু আলীৰ বাসগৃহত থকা কে বি ৰোডৰ ১১ নম্বৰ ৱাৰ্ডত ছেনিটাইজ কৰি ছীল কৰে প্ৰশাসনে। বৰ্তমানে জিলাখনৰ মুঠ ৩৯ জন লোকক কোৱাৰেন্টাইন কৰি ৰাখিছে প্ৰশাসনে ৷






























