আত্মগোপনকাৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ

Himanta Biswa Sarma press meet on Coronavirus

দেশৰ কে’বাখনো ৰাজ্যৰ দৰে অসমতো ক’ভিড ১৯ ভাইৰাছৰ সংক্ৰমণৰ অভিকেন্দ্ৰ হোৱা নিজামুদ্দিনৰ তবলিগি জামাতৰ পৰা উভতি আহি এই পৰ্যন্ত আত্মগোপন কৰি থকা লোকসকলৰ বিৰুদ্ধে ৰজু হ’ব ফৌজাদাৰী গোচৰ ৷ আজিৰ পৰা আৰক্ষীয়ে এই গোচৰ ৰজু কৰিব ৷ যিসকল লোকে এতিয়াও আত্মগোপন কৰি আছে তেনে লোকসকলে দেওবাৰে বিয়লি ছয় বজাৰ ভিতৰত জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিবলৈ সময়সীমা বান্ধি দিছিল স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তাৰ পিছতো জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগে বিশেষ সহাঁৰি লাভ কৰা নাই। গতিকে আৰক্ষীয়ে সম্প্ৰতি বিশেষ অভিযান আৰম্ভ কৰিব আৰু গ্ৰহণ কৰিব আইনী ব্যৱস্থা ৷

উল্লেখযোগ্য যে তবলিগি জামাতৰ পৰা উভতি অহা একাংশ লোকে শৰীৰত দিল্লীৰ পৰা কভি’ড ১৯ ৰ ভাইৰাছ বহন কৰি আনে ৷ সেইসকলৰ বাবেই ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই আকস্মিকভাৱে নাটকীয় ৰূপ লয় । আক্ৰান্তৰ ভিতৰত অসমৰ উপৰিও বহিঃৰাজ্যৰো লোক আছে। মন্ত্ৰী ড° শৰ্মাই সদৰি কৰা অনুসৰি যি কেইজন লোকৰ শৰীৰত ভাইৰাছবিধ ধৰা পৰিছে অধিকাংশই নিজে প্ৰশাসন অথবা স্বাস্থ্য বিভাগৰ কাষ চপা নাছিল ৷ বিষয়টো অতি স্পৰ্শকাতৰ কাৰণে চৰকাৰে বাৰম্বাৰ সকলোকে নিজে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছিল ৷ কিন্তু সহাঁৰি একেবাৰে ন্যূনতম ৷ গতিকে চৰকাৰৰ আহ্বানক আওকান কৰা সকলে আইনৰ আওতাৰ পৰা ৰক্ষা পাব বুলি ভবাটো ভুল বুলি সকীয়াই দিয়ে মন্ত্ৰী ড° শৰ্মাই ৷ ইপিনে দেওবাৰে হোৱা এক সংবাদমেলত লাখটকীয়াৰ এক নম্বৰ মছজিদ, দুই নম্বৰ মছজিদ, ৰাজধানী মছজিদ, কমাৰপট্টি মছজিদ, মাছখোৱা মছজিদ, ফাঁচীবজাৰ মছজিদ আদিকে কে’বাখনো মছজিদ সমিতিয়ে তবলিগি জামাতৰ পৰা উভতি আহি চৰকাৰক সহযোগ নকৰা লোকসকলক অতি শীঘ্ৰে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ লগতে ভাইৰাছৰ বিৰুদ্ধে সম্প্ৰতি দুস্কৃতিকাৰীয়ে বিয়পোৱা উৰা বাতৰিৰ পৰা সকলোকে সাৱধানে থাকিবলৈও আহ্বান কৰে ৷

Exit mobile version