কৰ’না ভাইৰাছত আক্ৰান্ত হ’লেও দেখাত সুস্থ হৈয়ে থাকিব পাৰে

matia2

কৰ’না ভাইৰাছত আক্ৰান্ত প্ৰত্যকজন লোকৰ বেমাৰ নহ’ব পাৰে। এশজন আক্ৰান্তৰ ভিতৰত ২০ জনৰহে চিকিৎসাৰ প্ৰয়োজন হয় আৰু তিনি শতাংশহে মৃত্যুমুখত পৰে।’ কালি গোৱালপাৰাত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা তিনিজন ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ স্বাস্থ্যৰ বুজ লোৱা আৰু জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ খতিয়ান লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী ড° শৰ্মা। জিলাখনৰ স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগতো এক বৈঠকত মিলিত হোৱাৰ পাছতে এক সংবাদমেলত মন্ত্ৰীজনে কয় যে অসমত বৰ্তমান এই ভাইৰাছত ২৬ জন আক্ৰান্ত হৈছে যদিও এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তদুপৰি তেওঁ কয়, ‘ গুৱাহাটীৰ মণীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ১০৫ জন লোকৰ নমুনাৰ পৰীক্ষাৰ ফলাফল আমি এতিয়ালৈ পোৱা নাই।’ কৰ’নাত আক্ৰান্ত সকল দেখাত সুস্থ হ’লেও শৰীৰৰ ভিতৰত ভাইৰাছ সজীৱ হৈ থাকে আৰু সেইকাৰণে তেওঁলোকৰ সংস্পৰ্শলৈ অহাসকল আক্ৰান্ত হোৱাৰ আশংকা থাকে।

ADVERTISEMENT

ইপিনে, অসমত আক্ৰান্ত অধিকাংশই নিজামুদ্দিনৰ তবলিগি জামাতৰ পৰা অহা লোক বুলি দোহাৰী মন্ত্ৰীজনে কয় যে জামাতৰ ৰাজ্যিক সমিতিৰ কর্মকৰ্তাসকলক নিজামুদ্দিনলৈ যোৱা মানুহৰ সম্পূৰ্ণ তালিকা দাখিল কৰিবলৈ কৈছিল আৰু তেওঁলোকেও তালিকা দাখিলৰ প্ৰতিশ্ৰুতি দিছে। আনহাতে, আক্ৰান্তৰ ক’ভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল পৰবৰ্তী সময়ত নিগেটিভ ওলালেও পৰিয়ালৰ সদস্য সকল সম্পূৰ্ণ নিৰাপদ নোহোৱালৈকে অৰ্থাৎ ১৪ দিনলৈ আছুতীয়াকৈ ৰখা হ’ব বুলি ড° শৰ্মাই সদৰী কৰে। গোৱালপাৰাত আক্ৰান্ত ৰোগীৰ লগতে পৰিয়ালৰ সদস্য সকলেও ভালদৰে খোৱা-বোৱা কৰিছে বুলি মন্ত্ৰীজনে কয়।

 

Exit mobile version