গোৱালপাৰাৰ হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ২৫৮১ গৰাকী লোক 

krishnai 1

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়াইছে উপায়ুক্তৰ এক মাহৰ দৰমহা

গোৱালপাৰা জিলাত বৰ্তমানলৈকে ২৫৮১ গৰাকী লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে। জিলা প্ৰশাসনে স্থাপন কৰা ফৰেষ্টগেটস্থিত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ  আৰু বেলতলাস্থিত আই টি আইত এই দুটা কোৱাৰেণ্টাইন কেন্দ্ৰত মুঠ ৬০ গৰাকী লোকক ৰখা হৈছে বুলি আজি এক সংবাদমেলৰ সম্বোধন কৰি জিলা উপায়ুক্ত বৰ্ণালী ডেকাই সদৰী কৰে। লগতে কয় যে বৰ্তমানলৈকে ৬৩ গৰাকী লোকৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে তিনি গৰাকী লোক কৰ’না আক্রান্ত বুলি চিনাক্ত হোৱাত তেঁওলোকক গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আইছ’লেশ্বন কক্ষত ৰখা হৈছে।

জিলা খনৰ সকলো লোককে তলাবন্ধৰ নীতি-নিয়ম মানি চলাৰ বাবে সংবাদমেলযোগে আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে। কাৰ্ড নথকা জিলা খনৰ ১০,৬৬৬ টা পৰিয়ালক বাছনি কৰি গ্ৰামোন্নয়ন বিভাগে নগদ এক হাজাৰ টকা দিয়া বুলি জানিবলৈ দিয়ে গোৱালপাৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই।অন্যহাতে, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই তেওঁৰ এক মাহৰ দৰমহা আগবঢ়াইছে। উপায়ুক্ত গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও ব্যৱসায়ী কিছুমানে বৰ্তমানলৈকে ৫ লাখতকৈ অধিক টকা অনুদান হিচাপে আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

Exit mobile version