তবলিগি জামাতৰ আঠ জন পলাতক বিদেশীক দিল্লীৰ বিমানবন্দৰত গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ 

Nizamuddin gathering Polic

সম্প্ৰতি সমগ্ৰ দেশত কৰ’না ভাইৰাছৰ সমান্তৰালভাৱে দিল্লীৰ নিজামুদ্দিনস্থিত তবলিগি জামাতৰ প্ৰসংগ চৰ্চালৈ আহিছে ৷ এনে সময়তে তবলিগি জামাতৰ আঠজন পলাতক মালয়েছিয়া নাগৰিকক দিল্লীৰ বিমান বন্দৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ দেশত কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সকলো আন্তৰ্জাতিক বিমানসেৱা ২২ মাৰ্চৰ বাতিল কৰিছিল চৰকাৰে ৷ ঠিক তেনে সময়তে বিভিন্ন দেশত থকা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰে বিমান প্ৰেৰণ কৰিছিল। ইয়াৰ মাজতে দেওবাৰে মালয়েছিয়া চৰকাৰে তবলিগি জামাতত অংশ লোৱা আঠজন লোকক উদ্ধাৰ কৰিবলৈ এখন বিমান প্ৰেৰণ কৰে ,যদিও বিমান কৰ্তৃপক্ষৰ সহযোগত দিল্লী আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য বিভাগৰ হাতত চমজাই দিয়ে ৷

ইফালে তবলিগি জামাতত অংশ লোৱা ৯৬০ জন লোকৰ তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ লগতে এই লোকসকলে ভিচাৰ নিয়ম অমান্য কৰি ধৰ্মীয় অনুষ্ঠানত যোগ দিয়াৰ কাৰণে বিহিত ব্যৱস্থা ল’ব চৰকাৰে ৷ উল্লেখযোগ্য যে তবলিগি জামাতত অংশ লোৱা ৮ জন লোকৰ ম’বাইল ক’ল পৰীক্ষা কৰিছিল আৰক্ষীয়ে। শেষত বিমান বন্দৰ কৰ্তৃপক্ষ আৰু দিল্লী আৰক্ষীৰ যৌথ অভিযানত আঠজন লোকক গ্ৰেপ্তাৰ কৰে ৷

ইফালে নিজামুদ্দিনৰ তবলিগি জামাতত হোৱা সমাবেশেৰ কাৰণে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে বুলি স্বীকাৰ কৰিলে কেন্দ্ৰই ৷ সমগ্ৰ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা প্ৰায় তিনি হাজাৰজন ৷ ইয়াৰে তবলিগি জামাতত অংশ লৈ আক্ৰান্ত হয় ১০২৩ জন । স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যৌথ সচিব লব আগৰৱালাৰ মত অনুসৰি দেশৰ মুঠ আক্ৰান্তৰ ৩০ শতাংশই নিজামুদ্দিনৰ ৷ ইয়াত লোকসকল প্ৰায় ১৭ খন ৰাজ্যৰ পৰা অংশ ল’বলৈ আহিছিল ৷ গতিকে নিজামুদ্দিনক নিয়ন্ত্ৰণ কৰাত আমি ব্যৰ্থ হৈছো ৷

আনহাতে নিজামুদ্দিন মাৰ্কাজৰ উদ্যোক্তা মৌলানা চাদ সম্প্ৰতি নিখোজ হৈ আছে ৷ তাৰ বিপৰীতে মৌলানা ছাদে নিজৰ অধিবক্তাৰ সহায়ত আৰক্ষীক জানিবলৈ দিয়ে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ আছুতীয়াকৈ আছে ৷ ইয়াৰ ম্যাদ অন্ত পৰিলেই আৰক্ষীয়ে সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিব বুলি মন্তব্য কৰে মৌলানা ছাদে ৷

Exit mobile version