তেলেংগানাত আবদ্ধ গোৱালপাৰাৰ ১২০ গৰাকী শ্ৰমিকৰ হাহাকাৰ

Telangana lockdown 1711177917e medium
কামৰ সন্ধানত তেলেংগানালৈ যোৱা গোৱালপাৰা জিলাৰ মাটিয়া, নয়াপাৰা, সিধাবাৰী অঞ্চলৰ প্ৰায় ১২০ গৰাকী শ্ৰমিকৰ মাজত সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।  কৰ’না ভাইৰাছৰ আতংকৰ বাবে সমগ্র দেশতে ২১ দিনীয়া তলাবন্ধ ঘোষণা কৰাত আবদ্ধ হৈ পৰিছে শ্ৰমিক সকলে। ইয়াৰ মাজতে কেইবাগৰাকী মহিলা আৰু শিশু ও  আছে । বৰ্তমান তেওঁলোকৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ পিছতো স্থানীয় চৰকাৰেও তেওঁলোকক বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেলেংগানাত থকা সিধাবাৰীৰ যুৱক ফিৰোজ আলীয়ে আজি ফোনযোগে জানিবলৈ দিয়াৰ লগতে অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনক অতি শীঘ্ৰেই তেঁওলোকক গোৱালপাৰালৈ লৈ অনাৰ ব্যৱস্থা কৰাৰ দাবী জনায়।
Exit mobile version