লকডাউনৰ মাজতে মহানগৰীত ব’লেৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ

unnamed

ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে দেশজুৰি লকডাউন অব্যাহত থকাৰ সময়তে সোমবাৰে ৰাজধানী মহানগৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা |  মহানগৰীৰ খাৰঘুলি বেলতল শিৱ মন্দিৰৰ সমীপত সোমবাৰে দিনৰ প্ৰায় ১১ বজাত  বলেৰ’ আৰু এখন মটৰ চাইকেলৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত এজন আৰোহী আঘাতপ্ৰাপ্ত হয়।

এ এছ ০১ ডি ইউ ৫৬৫৭ নম্বৰৰ বলেৰ গাড়ীখন আৰু এ এছ ০১ ই এ ০৫৬৩ নম্বৰৰ মটৰ চাইকেলখন  তীব্ৰ বেগত আহিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে। দূৰ্ঘটনাটোত গুৰুতৰভাবে আহত মটৰ চাইকেল আৰোহী জনৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই আৰু স্থানীয় লোকসকলৰ সহযোগত  লতাশিল আৰক্ষীৰ বাহনত উঠাই আঘাতপ্ৰাপ্ত আৰোহীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।

Exit mobile version