ৰাষ্ট্ৰ সন্ত্ৰাসৰ দাৱানলত জৰ্জৰিত লক্ষীপথাৰত  কৰ’নাৰ আতংক 

তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ইটাখুলি উন্নয়ন খণ্ডৰ অধীনৰ এখন বৃহৎ জনবসতি প্ৰধান অঞ্চল লক্ষীপথাৰ। আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পশ্চিম খণ্ডৰ অতব্য ঘন অৰণ্যৰ মাজত থকা  বৃহৎ এলেকা অঞ্চলৰ লক্ষীপথাৰ এতিয়া বিশ্বব্যাপী ত্ৰাস সৃষ্টি কৰা ক’ভিড-১৯ৰ আতংক। এসময়ত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ সামৰিক প্ৰশিক্ষণৰ প্ৰধান কেন্দ্ৰ থকা লক্ষীপথাৰ-চৰাইপুং বননিত ১৯৯০-৯২ত সন্ত্ৰাস নিৰ্মূলৰ বাবে ৰাষ্ট্ৰই  ইয়াৰ জনজীৱন প্ৰণালীক মষিমুৰ কৰি নিঃশেষ কৰাৰ পাছত বৰ্তমান দুকুৰিৰো অধিক গাঁৱৰে জনবসতি প্ৰধান অঞ্চল লক্ষীপথাৰত এতিয়া তীব্ৰ ৰূপত কৰ’না ভাইৰাছৰ আতংক।

কৰ’না ভাইৰাছৰ আতংকত অঞ্চলৰ সহজ-সৰল, দৈনিক মজুৰি কৰি কোনোমতে দুবেলা দুসাজ যোগাৰ কৰি জীৱিকা নিৰ্বাহ কৰা  বহু পৰিয়ালে দিনতে দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰতে অ-নিদ্ৰা-অনাহাৰে দিন কটাবলৈ বাধ্য হৈছে। দেশজুৰি ২১ দিনীয়া লকডাউনৰ ফলত খাদ্য সামগ্ৰীৰ অভাৱত কটোৱা বহু পৰিয়ালৰ চৌকাত এতিয়া নাই জুইৰ তাপ। এনে দুৰ্যোগৰ সময়তো দূৰ্গতজনক সহায় হাত আগবঢ়াবলৈ আহৰি নাই কাৰু। ভোকৰ তাড়নাত গাঁৱৰে এগৰাকী মহিলাই সামাজিক মাধ্যমৰ জড়িয়তে কাতৰ আহ্বান জনাই সহায় বিচৰাত আৰ্তজনক সহায় কৰিবলৈ উপস্থিত হল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনৰ বিষয়ববীয়াসকল।

দুৰ্যোগপূৰ্ণ বাট পথক নেওচি লক্ষীপথাৰৰ অতি ভিতৰুৱা কপৌহুৱা গাওঁৰ দৰিদ্ৰ কে’বাটাও পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ সংগঠনটোৰ এটা সজাতি দলে গাওঁখনৰ পৰিয়ালক দহদিনৰ খাদ্য সামগ্ৰী প্ৰদান কৰে। ইপিনে দেশজুৰি ২১ দিনীয়া লকডাউনৰ ফলত দেশৰ লগতে ৰাজ্যখনৰ ১০ লাখৰো অধিক দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক চৰকাৰে বিনামূলীয়া খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰাৰ পাছতো এনে স্পৰ্শকাতৰ অঞ্চলৰ অতি দুখীয়া দৰিদ্ৰ পৰিয়ালে পাব পৰাকৈ জনপ্ৰতিনিধিসকলে কোনো ব্যৱস্থা কৰিব নোৱাৰাত বিষয়টোৱে সচেতন লোকক কেৱল লজ্জানত কৰাই নহয় সমগ্ৰ মানৱ জাতিক উপহাস কৰিছে বুলি মন্তব্য কৰিছে মানৱ অধিকাৰ সংগঠনৰ নেতা কমল ৰাজ ছেত্ৰীয়ে ।

Exit mobile version