সমগ্ৰ দেশত অব্যাহত থকা লকডাউনৰ অচিলা লৈ অসম গৌৰব এশিঙীয়া গড় নিৰ্ধনৰ বাবে অহা এটা চোৰাং চিকাৰীক সোমবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় | কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা এটা গড় জনাঞ্চললৈ ওলাই ব্ৰহ্মপুত্ৰৰ বামুন চাপৰি, লহৰ চাপৰি লগতে বিভিন্ন অঞ্চলত বিচৰণ কৰি থকাৰ খবৰ লাভ কৰিছিল কমাৰগাঁও আৰক্ষীয়ে। ইফালে গড়টো হত্যা বাবে উক্ত চাপৰিত চোৰাং চিকাৰী আত্মগোপন কৰি থকা তথ্য লাভ কৰি আৰক্ষী বিষয়া ময়ুৰজিত গগৈ আৰু ভাৰপ্ৰাপ্ত সহকাৰী উপ পৰিদৰ্শক জীয়াউল ইছ্লামৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ব্ৰহ্মপুত্ৰৰ অতি দুৰ্গম অঞ্চলৰ লহৰ চাপৰিত অভিযান চলাই | এক কৌশলপূৰ্ণ অভিযানৰ শেষত আৰক্ষীয়ে অৰুনাচল প্ৰদেশৰ গাগম ইকো(২৮) নামৰ এটা দুধৰ্ষ গড় চিকাৰীক এটা ৰাইফল গুলিসহ আটক কৰিবলৈ সক্ষম হয় ।
কাজিৰঙাৰ গড় নিধনৰ বাবে অহা চোৰাং চিকাৰীক বন্ধুকসহ আটক
-
By publisher

- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Kaziranga National Park
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025