সমগ্ৰ দেশত অব্যাহত থকা লকডাউনৰ অচিলা লৈ অসম গৌৰব এশিঙীয়া গড় নিৰ্ধনৰ বাবে অহা এটা চোৰাং চিকাৰীক সোমবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় | কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা এটা গড় জনাঞ্চললৈ ওলাই ব্ৰহ্মপুত্ৰৰ বামুন চাপৰি, লহৰ চাপৰি লগতে বিভিন্ন অঞ্চলত বিচৰণ কৰি থকাৰ খবৰ লাভ কৰিছিল কমাৰগাঁও আৰক্ষীয়ে। ইফালে গড়টো হত্যা বাবে উক্ত চাপৰিত চোৰাং চিকাৰী আত্মগোপন কৰি থকা তথ্য লাভ কৰি আৰক্ষী বিষয়া ময়ুৰজিত গগৈ আৰু ভাৰপ্ৰাপ্ত সহকাৰী উপ পৰিদৰ্শক জীয়াউল ইছ্লামৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ব্ৰহ্মপুত্ৰৰ অতি দুৰ্গম অঞ্চলৰ লহৰ চাপৰিত অভিযান চলাই | এক কৌশলপূৰ্ণ অভিযানৰ শেষত আৰক্ষীয়ে অৰুনাচল প্ৰদেশৰ গাগম ইকো(২৮) নামৰ এটা দুধৰ্ষ গড় চিকাৰীক এটা ৰাইফল গুলিসহ আটক কৰিবলৈ সক্ষম হয় ।
কাজিৰঙাৰ গড় নিধনৰ বাবে অহা চোৰাং চিকাৰীক বন্ধুকসহ আটক
-
By publisher

- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Kaziranga National Park
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026