কৰ’না ভাইৰাছৰ সংহাৰীৰূপ

TIGER

ধ্বংসাত্মক ৰূপ ধাৰণ কৰা কৰ’না  ভাইৰাছে  মানৱ জাতিক এফালৰ পৰা আক্ৰান্ত কৰি যোৱাৰ সমান্তৰালকৈ এতিয়া আন প্ৰাণীলৈকো চকু দিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বেলজিয়ামৰ এটা পোহনীয়া মেকুৰী আৰু হংকঙৰ দুটা কুকুৰ ক’ভিড ১৯ ত আক্ৰান্ত হৈছিল ৷ এতিয়া কৰ’নাৰ প্ৰতাপৰ বনৰজাৰো থৰকাছুটি হেৰাবলগীয়া অৱস্থা হৈছে। আমেৰিকাৰ নিউয়ৰ্কৰ এখন চিৰিয়াখানাত থকা এটা বাঘো সম্প্ৰতি কৰ’না ভাইৰাছৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে ৷ যোৱা সপ্তাহৰ সমাপ্তিত বাঘটোৰ কৰ’না ভাইৰাছৰ প্ৰতিবেদনত পজিটিভ পোৱাৰ কথা সদৰী কৰিলে চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৷

প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে যে কোনো কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষণ ধৰা নপৰা চিৰিয়াখানাৰ কৰ্মীৰ পৰাই এই  ভাইৰাছ বাঘলৈ সংক্ৰমিত হৈছে ৷ কেৱল সেয়াই নহয়,চিৰিয়াখানাৰ একাধিক প্ৰাণীৰ শৰীৰত সম্প্ৰতি আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠিছে ৷ নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত কৰ’নাত আক্ৰান্ত বাঘটোৰ নাম হৈছে নাডিয়া ৷ গতিকে চিৰিয়াখানা কৰ্তৃপক্ষই নাডিয়াৰ লগতে অন্যান্য বাঘবোৰক সাৱধানে পৰীক্ষা কৰিছে। আক্ৰান্ত বাঘটোৰ ভোকৰ ক্ষমতা হ্ৰাস পালেও বৰ্তমান সি সুস্থ ৷ উল্লেখযোগ্য যে আমেৰিকাত কৰ’না ভাইৰাছে সংহাৰীৰূপ ধাৰণ কৰাৰ পিছত নিউয়ৰ্কত থকা চিৰিয়াখানা আৰু এক্যুৰিয়ামসমূহ দৰ্শনাৰ্থীৰ বাবে ১৬ মাৰ্চৰ পৰা বন্ধ কৰি দিয়া হৈছে ৷

 

Exit mobile version