মহামাৰী কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত ২৫ মাৰ্চৰ পৰা বলবৎ হোৱা লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। তৈল নগৰী ডিগবৈত লকডাউনৰ ব্যাপক প্ৰভাৱৰ মাজতে কিছু সংখ্যক যুৱকে লকডাউন আইন উলংঘন কৰি ডিগবৈ ৰাজপথত টিঘিল ঘিলাই ফুৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ডিগবৈ আৰক্ষী থানাৰ পৰিদৰ্শক নিকুঞ্জ বৰ্মনৰ নেতৃত্বত সোমবাৰে লকডাউনৰ অমান্যকাৰী তিনি যুৱকক আটক কৰি ৮৪/২০২০ আৰু ৮৫/২০২০ নম্বৰত পৃথক পৃথককৈ ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/২৭০/২৯০ ধাৰাত গোচৰ পঞ্জীয়ন কৰে।আৰক্ষীয়ে গোচৰ ৰুজু কৰা যুৱককেইজন ক্ৰমে ডিগবৈ দুই নম্বৰ গোলাইৰ ভাস্কৰজ্যোতি বৰা(২৬), দুলিয়াজান নাওশলীয়া গাওঁৰ মানসজ্যোতি গগৈ(২৮) আৰু নিপুল কোঁৱৰ(২৮) বুলি আৰক্ষীয়ে সদৰি কৰিছে | তিনিওকে ব্যক্তিগত জামিনত মুকলি কৰি দিছে।
ডিগবৈত তিনি লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু
-
By publisher

ADVERTISEMENT
- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19DIGBOI ASSAMFIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া
By
publisher
May 15, 2025
'কাকুতি-মিনতিৰো লাভ নাই 'সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে
By
publisher
May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
By
publisher
May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
By
publisher
May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
By
publisher
May 15, 2025