মহামাৰী কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত ২৫ মাৰ্চৰ পৰা বলবৎ হোৱা লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। তৈল নগৰী ডিগবৈত লকডাউনৰ ব্যাপক প্ৰভাৱৰ মাজতে কিছু সংখ্যক যুৱকে লকডাউন আইন উলংঘন কৰি ডিগবৈ ৰাজপথত টিঘিল ঘিলাই ফুৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ডিগবৈ আৰক্ষী থানাৰ পৰিদৰ্শক নিকুঞ্জ বৰ্মনৰ নেতৃত্বত সোমবাৰে লকডাউনৰ অমান্যকাৰী তিনি যুৱকক আটক কৰি ৮৪/২০২০ আৰু ৮৫/২০২০ নম্বৰত পৃথক পৃথককৈ ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/২৭০/২৯০ ধাৰাত গোচৰ পঞ্জীয়ন কৰে।আৰক্ষীয়ে গোচৰ ৰুজু কৰা যুৱককেইজন ক্ৰমে ডিগবৈ দুই নম্বৰ গোলাইৰ ভাস্কৰজ্যোতি বৰা(২৬), দুলিয়াজান নাওশলীয়া গাওঁৰ মানসজ্যোতি গগৈ(২৮) আৰু নিপুল কোঁৱৰ(২৮) বুলি আৰক্ষীয়ে সদৰি কৰিছে | তিনিওকে ব্যক্তিগত জামিনত মুকলি কৰি দিছে।
ডিগবৈত তিনি লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু
-
By publisher

- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19DIGBOI ASSAMFIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026