তলাবন্ধ বৃদ্ধি? সঠিক সময়ত সিদ্ধান্ত 

will lockdown extended in india

দেশত কৰ’না ভাইৰাছে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাৰতত মৃত্যুৰ সংখ্যাই আজি এশ অতিক্ৰম কৰিছে। শেহতীয়া তথ্য অনুসৰি দেশত আক্ৰান্তৰ সংখ্যা ৪,৯১৭ ৰ বিপৰীতে ১৩৭ জনৰ মৃত্যু হৈছে। এই পৰিস্থিতিত অহা ১৪ এপ্ৰিললৈ অব্যাহত থকা তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হ’ব নেকি তাক লৈ দেশৰ উদ্বেগ বৃদ্ধি পাইছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰ তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱেৰকাৰে কয় যে ৰাষ্ট্ৰৰ হিতৰ বাবেই সিদ্ধান্ত লোৱা হ’ব আৰু উপযুক্ত সময়ত সিদ্ধান্ত সদৰী কৰা হ’ব।

‘আমি প্ৰতি মুহূৰ্তত পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছো। ৰাষ্ট্ৰৰ হিতৰ বাবে সিদ্ধান্ত লোৱা হ’ব । এই সম্পৰ্কীয় সিদ্ধান্ত সঠিক সময়ত সিদ্ধান্ত ঘোষণা কৰা হ’ব।’ এইদৰে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়। লগতে কয় যে বিষয়াসকলৰ এটা গোটে সমস্ত পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ইপিনে, উত্তৰ প্ৰদেশৰ এজন শীৰ্ষ বিষয়াই কয় যে মানুহে অধিক দীঘলীয়া সময় তলাবন্ধ খুলিবলৈ অপেক্ষা কৰিব লাগিব। কিয়নো দেশত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ‘আমি যেতিয়া নিশ্চিত হ’ম যে ৰাজ্যখন কৰ’নামুক্ত হৈছে তেতিয়াহে তলাবন্ধ মুকলি কৰি দিয়া হ’ব। এজনো কৰ’না আক্ৰান্ত লোক থাকিলে তলাবন্ধ খুলি  দিয়াটো অতি কঠিন হ’ব আৰু সেয়েহে সময়ৰ প্ৰয়োজন হ’ব।’ উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব অৱনীশ অৱস্হিয়ে এইদৰে কয়। অৱশ্যে এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট তথ্য প্ৰকাশ কৰা নাই।

যোৱা ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা তলাবন্ধৰ অন্ত পৰিব ১৪ এপ্ৰিলত। বিগত সপ্তাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত প্ৰধানমন্ত্ৰীয়ে তলাবন্ধৰ পাছৰ পৰ্যায়ৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যমূহৰ পৰামৰ্শ বিচাৰিছিল। বিভিন্ন বিশেষজ্ঞৰ মতে, চৰকাৰে তলাবন্ধ অব্যাহত ৰাখিবলৈ বাধ্য হ’ব পাৰে। সূত্ৰত প্ৰকাশ যে তলাবন্ধৰ পৰা কৃষি কাৰ্যক ৰেহাই দিয়া হ’ব পাৰে। বিমানৰো চলাচলো আংশিক ভাৱে মুকলি হ’ব পাৰে। তদুপৰি কৰ’নাৰ কেন্দ্ৰস্থল সমূহত অৱশ্যে সম্পূৰ্ণ তলাবন্ধ থাকিব পাৰে বুলিও বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতিৰ মূল্যায়ন তথা সিদ্ধান্ত গ্ৰহণৰ বিষয়টো ৰাজ্যসমূহলৈ এৰি দিয়াৰো সম্ভৱনা আছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্তব্যই জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ সাংসদসকলক কয় যে অহা ১৫ এপ্ৰিলত তলাবন্ধ প্ৰত্যাহাৰ কৰা হ’ব। জনসমাগমৰ যাতে সৃষ্টি নহয় সেই কথা সকলোৱে নিশ্চিত কৰিব লাগিব। তলাবন্ধ প্ৰত্যাহাৰৰ পাছতো যদি সমাগম অব্যাহত থাকে তেতিয়া সকলো চেষ্টা অথলে যাব বুলি তেওঁ কয়।

Exit mobile version