তেজপুৰৰ পুখুৰীত শতিকাৰ পুৰণি   পিতলৰ সামগ্ৰী উদ্ধাৰ

IMG 20200406 WA0178
ইতিহাসৰ পৃষ্ঠাত এতিয়াও  বহু স্থানত বহু সমল লুপ্ত হৈ থকা কথা সময়ে সময়ে প্ৰমাণিত হৈ আহিছে | সোমবাৰে পুনৰ এই কথা প্ৰমাণ দিছে তেজপুৰৰ এটা পুখুৰীয়ে | তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ এটা বহু যুগৰ পুৰণিকলীয়া পুখুৰীত কুন্দতকটা পিতলৰ চৰিয়াসদৃশ এটা বাচন উদ্বাৰ হোৱাৰ পিছত ইতিহাস অনুসন্ধিৎসু লোকসকলৰ উৎসুক হৈ পৰিছে। উল্লেখ্য যে মিলনপুৰৰ ডেকা চুবুৰীৰ অঞ্চলত থকা নলিনী পুখুৰী হিচাপে খ্যাত বহু পুৰণি কালৰ পুখুৰীটো বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ আছিল। পৰিত্যক্ত হৈ থকাৰ মূল কাৰণেই আছিল পুখুৰীটোক কেন্দ্ৰ কৰি থকা ৰাইজৰ কেতবোৰ জনবিশ্বাস।
প্ৰবাদ অথবা জনবিশ্বাস অনুসৰি এই পুখুৰীটো এক প্ৰকাৰৰ দেওলগা পুখুৰী। পুখুৰীটোৰ গৰ্ভাংশত বহু কাঁহ – পিতলৰ সামগ্ৰী আছে আৰু সেই সামগ্ৰীৰ স্পৰ্শ হ’লে গাঁওখনলৈ অপায় – অমংগল নামি আহিব। সেয়েহে বছৰ বছৰ ধৰি পুখুৰীটোৰ কাষ চপা নাছিল স্থানীয় ৰাইজ। কিন্তু বৰ্তমানে সেই জনবিশ্বাসক আওকাণ কৰি এক ধৰ্ম্মীয় পৰম্পৰাৰে পুখুৰীটো চাফ চিকুন কৰি প্ৰায় তিনিবছৰ পূৰ্বে ৰাইজে চৰকাৰৰ মীন বিভাগৰ আঁচনিৰ জৰিয়তে মীণ পালন অব্যাহত ৰাখিছে। বৰ্তমানে লকডাউনৰ সময়ত মাছৰ অৱস্থিতিৰ উমান ল’বলৈ আজি দুগৰাকী স্থানীয় যুৱকে পুখুৰীটোত নমাৰ পিছত ভৰিত কিবা লগাৰ উমান পাই। ইয়াৰ পিছতেই যুৱক দুগৰাকীয়ে সন্দেহ বশতঃ পানীৰ তলত খেপিউৱাৰ পিছত এটি কুন্দত কটা পিতলৰ চৰিয়া উদ্বাৰ কৰে। লগে লগে স্থানীয় ৰাইজৰ মাজত হুৱা দুৱা লগাৰ লগতে সামগ্ৰীটো প্ৰত্যক্ষ কৰিবলৈ উৎসুক হৈ পৰে।
উল্লেখ্য যে এই পিতলৰ চৰিয়াটো প্ৰত্যক্ষ কৰি স্থানীয় একাংশ জ্যেষ্ঠ নাগৰিকে পুখুৰীটোৰ তলত আৰু অধিক সামগ্ৰী থকাৰ  আশংকা ব্যক্ত কৰে। আনহাতে এই সন্দৰ্ভত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই মন্তব্য কৰিছে যে কাৰুকাৰ্য্য দেখি এই চৰিয়াটো আহোম যুগৰ বুলি অনুমান কৰিব পাৰি। এনেধৰণৰ সামগ্ৰীৰ কাৰুকাৰ্য্য বহু শতিকা জুৰি বিশেষ সাল সলনি হোৱা নাছিল। এনেবোৰ সামগ্ৰী কে’বাশতিকা ধৰি একে শৈলীৰে নিৰ্মাণ কৰা হৈছিল। সেয়েহে আন আৰু সামগ্ৰী আছে নেকি তাৰ সন্ধান অব্যাহত ৰখা উচিত বুলিও অধ্যাপক ভট্টাচাৰ্য্যই মন্তব্য কৰে।
Exit mobile version