মুম্বাইৰ বিখ্যাত হাস্পতালতে  ক’ৰনাত  সংক্ৰমিত ২৬ নাৰ্ছ-চিকিৎসক  

43ventilators

INDIA-HEALTH-VIRUS

ক’ৰনা সংক্ৰমণত  সংক্ৰমিত হ’ল এইবাৰ মুম্বাইৰ বিখ্যাত হাস্পতাল ‘ৱখাৰ্ড’ৰ নাৰ্ছ -চিকিৎসক। এতিয়া এই হাস্পতালখনক সংক্ৰমিত অঞ্চল বুলি ঘোষণা কৰি মুম্বাইৰ পৌৰ নিগমে হাস্পতাললৈ অহা -যোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়ে । সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পিছতেই হাস্পতালৰ বহিঃ বিভাগ আৰু জৰুৰীকালীন বিভাগ বন্ধ কৰি দিয়া হয় । এই হাস্পতালখনৰ ২৬ গৰাকী চিকিৎসক-নাৰ্ছ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। সমগ্ৰ ঘটনাৰ বাবে হাস্পতাল কর্তৃপক্ষৰ প্ৰতি অভিযোগৰ আঙুলী উঠিছে ।

আৰক্ষীৰ সুত্ৰ ই জনোৱা মতে ,যোৱা ২৭ মাৰ্চত ৭০ বছৰীয়া এজন ক’ৰনা আক্রান্ত লোক হাস্পতালত ভৰ্তি হয় । তাৰ দুদিন পিছতেই তেওঁক চোৱা -চিতা কৰা দুগৰাকী নাৰ্ছ হাস্পতাল ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছিল। ইয়াৰ পিছতো কর্তৃপক্ষই প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন নকৰা অভিযোগ উঠিছে।আক্ৰান্ত নাৰ্ছ দুগৰাকীৰ ব্যক্তিগত পোছাক নাছিল বুলিও অভিযোগ উঠিছে । আনকি ক’ৰনা আক্ৰান্ত বুলি প্ৰতিবেদন লাভৰ পাছতো তেওঁলোকক কৰ্তব্যৰ পৰা আঁতৰাই দিয়া নাছিল বুলি ইউনাইটেড নাৰ্ছেছ এছ’চিয়েছনে অভিযোগ কৰিছে । কিন্ত হাস্পতাল কৰ্তৃপক্ষই এই সকলো অভিযোগ নস্যাত কৰি মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।

 

Exit mobile version