মৈৰাবাৰীত কোৱাৰেণ্টাইনত থকা যুৱকৰ দাদাগিৰী

hqdefault

হাতত চোকা অস্ত্ৰ লৈ প্রতিবেশীক আক্ৰমণৰ চেষ্টা

মৰিগাঁও জিলাৰ মৈৰাবাৰীত এতিয়া একাংশ কোৱাৰেণ্টাইনত থকা দুষ্ট প্ৰকৃতিৰ লোক হৈ পৰিছে সাধাৰণ লোকৰ কাৰণে আতংকৰ কাৰণ। হোম কোৱাৰেণ্টাইনত থকা এজন যুৱকে হাতত দা লৈ ৰাজপথত আক্ৰমণ কৰিবলৈ খেদি অহাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, মৈৰাবাৰী থানাৰ অন্তৰ্গত তাতিকটা পথাৰৰ নিবাসী ইমৰান হুছেইনৰ পুত্ৰ আশ্বীক আফ্ৰিদী নামৰ যুৱকজন বাংগালুৰুৰ পৰা আহি ১৯ মাৰ্চত নিজা ঘৰলৈ আহে। কিন্তু তাৰ পিছতো মুক্ত বিচৰণ কৰি ফুৰাত পিছত আৰক্ষী আৰু স্বাস্থ্যকৰ্মী আহি স্বাস্থ্য পৰীক্ষা কৰি হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতো নিৰ্দেশ নামানি প্ৰতিবেশী এজনে এ টি এমৰ পৰা টকা উলিয়াই ঘৰলৈ আহি থকা অৱস্থাত বাটতে হাতত চোকা অস্ত্ৰ লৈ আক্ৰমণৰ চেষ্টা কৰে। কোনো ধৰণৰ ক্ষতি নহয় যদিও ঘটনাৰ সন্দৰ্ভত প্রতিবেশীজনে  আশ্বীক আফ্ৰিদী আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে। কিন্তু এজাহাৰ দাখিল কৰা মাত্ৰকে হোম কোৱাৰেণ্টাইনত থকা আশ্বীক আফ্ৰিদী সহ পিতৃ -মাতৃয়ে পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Exit mobile version