লকডাউনৰ মাজতো নগাবাটত চোৰৰ উপদ্ৰৱ

IMG 20200407 WA0007

লকডাউনৰ সময়তো তিতাবৰ মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ সৰ্বসাধাৰণ জনতাই চোৰৰ উৎপাতত অতিষ্ঠ হৈ পৰিছে।  লকডাউনৰ সুযোগ গ্ৰহণ কৰি নিশা চুৰি কাৰ্য সম্পাদন ৰখা দুটা চোৰক সোমবাৰে বেকাজান আৰক্ষীয়ে অভিযান চলাই ধৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰ মতে, নগালেণ্ডৰ লুংচুৰি বস্তিৰ এজন নগাৰ ঘৰত কাম কৰা শুকুৱা মেছ, বৰহোলা বাগানৰ পালু মিৰ্ধা, চেনিজানৰ সৌৰভ আৰু নন্দ নামৰ চোৰকেইটাই মিলি নগাবাটৰ মুক্তিনগৰ গাঁৱৰ এঘৰৰ পৰা দেওবাৰে প্ৰায় ৭০ কেজি ওজনৰ এটা গাহৰী চোৰ কৰিছিল।

ঘটনাৰ সন্দৰ্ভত গৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিতে বেকাজান আৰক্ষীয়ে অভিযান চলাই শুকুৱা আৰু পালু নামৰ চোৰ দুটাক মৃত অৱস্থাত থকা গাহৰীটোৰ সৈতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে আন দুটা চোৰ চেনিজানৰ সৌৰভ আৰু নন্দ বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে জানিবলৈ দিছে। ইতিমধ্যে চোৰ দুটাক বেকাজান আৰক্ষীয়ে নগাবাটৰ পানীখেতি আৰক্ষীক গতাই দিয়াত পানীখেতি আৰক্ষীয়ে লগে লগে জে’ললৈ প্ৰেৰণ কৰে। এই চোৰকেইটাই দীৰ্ঘদিনৰ পৰা সীমান্তৱৰ্তী বেকাজান আৰু নগাবাট অঞ্চলত চুৰি কাৰ্য চলাই থাকি উপদ্ৰৱ কৰি আহিছিল বুলি স্থানীয় জনতাই অভিযোগ কৰিছে।

Exit mobile version