ক’ৰনা ৰোগীক সেৱা আগবঢ়াবলৈ পুনৰ চিকিৎসকৰ পোছাক পিন্ধিলে ভাৰতৰ কন্যা ‘মিছ ইংলেণ্ড’ ভাষাই

5e8c5acd30692
এগৰাকী চিকিৎসক, নাম ভাষা মুখাৰ্জী। ২৪ বছৰ বয়সতে ‘মিছ ইংলেণ্ড’খিতাপ অৰ্জন কৰিছিল এই চিকিৎসক গৰাকীয়ে । এই সন্মান লাভ কৰা পিছতেই চিকিৎসকৰ পেছা ত্যাগ কৰি ম’ডেলিং জগতৰ লগত জড়িত হৈ পৰে ভাষাই । সমগ্ৰ বিশ্বতেই ক’ৰনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে । বিশ্বৰ বিভিন্ন দেশৰ লগতে ব্ৰিটেইনতো এই ভাইৰাছৰ সংক্ৰমনে অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে। ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য এই ৰোগত আক্রান্ত হোৱাৰ পাছত শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনো ক’ৰনাত আক্ৰান্ত হৈ  চিকিৎসালয়ৰ আই চি ইউ ত চিকিৎসাধীন হৈ আছে । আকৌ ভাষাই ৰাইজৰ সেৱা আগবঢ়াই চিকিৎসক হিচাপে কৰ্তব্য পালন কৰিবলৈ আগবাঢ়ি আহিল । ব্ৰিটেইনত ক’ৰনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাষাই পুনৰ ল’লে এই সিদ্ধান্ত। ভাৰতবৰ্ষৰ কলিকতাত জন্ম গ্ৰহণ কৰা ভাষাই মাত্ৰ ন বছৰ বয়সতে পৰিয়ালৰ স’তে ইংলেণ্ডলৈ গৈছিল । ২০০৯ চনত ‘মিছ ইংলেণ্ড’খিতাপ লাভ কৰা এই চিকিৎসক গৰাকীয়ে সাময়িক ভাৱে ম’ডেলিং জগত ত্যাগ কৰি চিকিৎসক হিচাপে ক’ৰনা আক্ৰান্ত ৰোগীৰ সেৱা আগবঢ়াইছে ।

Exit mobile version