চৰ্তসাপেক্ষে তলাবন্ধৰ পক্ষে দিছপুৰ: কেন্দ্ৰক জনালে মতামত

himanta ani

আৰ্থিক সাহাৰ্য প্ৰদানত হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা পৰীক্ষাৰ সিদ্ধান্ত

কৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণে সৰ্বদিশত সৃষ্টি কৰা জটিলতাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আর্থিককভাৱে পিছপৰা লোকক সাহায্য আগবঢ়োৱাৰ পৰা মন্ত্ৰী-বিধায়কৰ দৰমহা কৰ্তনক লৈ কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। সমান্তৰালভাৱে সাহায্য প্ৰদানত কোনো অনিয়ম সংঘটিত হ’লে তাত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত লয়। সৰ্বসাধাৰণ ৰাইজক সাহায্য সামগ্ৰী আৰু আর্থিক সকাহ দিয়াৰ ব্যৱস্থাটো অধিক বিকেন্দ্ৰীকৰণ কৰা হ’ব।

সেই অনুসৰি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড নথকা পাঁচ হেজাৰ বা তাতকৈ কম জনবসতি থকা প্ৰতিখন গাওঁ পঞ্চায়তৰ ১৫০ টাকৈ দৰিদ্ৰ হিতাধিকাৰী পৰিয়াল, পাঁচৰ পৰা ১০ হাজাৰ জনবসতি থকা তেনে দুশটা পৰিয়াল, ১০ হেজাৰৰ অধিক জনসংখ্যা থকা অঞ্চলৰ ২৫০ টা সংশিষ্ট পৰিয়াল, ১০ ৰ পৰা ১৫ হাজাৰ জনসংখ্যা থকা গাওঁ পঞ্চায়তৰ ৩০০ টা পৰিয়াল,১৫ ৰ পৰা ২৫ হেজাৰ জনবসতি থকা ৩৫০ টা পৰিয়াল, গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ ১৫০ টা পৰিয়ালক এহেজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ কার্ড নাথাকিলেও গাঁও পঞ্চায়তৰ সদস্য আৰু সভাপতি-সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য অথবা তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যই এই সাহায্য লাভ কৰিব নোৱাৰি। ইতিমধ্যে এই আঁচনিৰ অধীনত ধন বিতৰণ আৰম্ভ হৈছে যদিও এইক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হৈছে।

ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক অনুসৰণ কৰি অসম চৰকাৰেও মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ সকলো মন্ত্ৰী আৰু ৰাজ্যৰ বিধায়কৰ দৰমহা ৩০ শতাংশকৈ এবছৰলৈ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দৰমহা কৰ্তনৰ জৰিয়তে সংগৃহীত পুঁজি ক’ভিড-১৯ ৰ চিকিৎসাত ব্যয় কৰা হ’ব। বৈঠকৰ অন্য এক সিদ্ধান্ত হ’ল ৰাজ্য চৰকাৰৰ অধীনস্থ অসম ৰাজ্যিক পৰিবহন নিগম, শক্তি বিভাগকে ধৰি যিবোৰ বিভাগে ক’ভিড-১৯ ৰ চিকিৎসাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে সেই বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়াব।

অন্যহাতে তলাবন্ধৰ সন্দৰ্ভত ড° শৰ্মাই কয় যে, ‘অসমত ২১ দিনৰ পাছত সম্পূৰ্ণ তলাবন্ধ সফল নহ’ব। কাৰণ সময় অধিক দীঘলীয়া হ’লে বেলেগ পৰিবেশ আহিব। আমি সেইকাৰণে চৰ্ত সাপেক্ষে তলাবন্ধ বাতিল কৰাৰ কথা কেন্দ্ৰক জনাইছো। ভাৰতৰ অন্য কেবাখনো ৰাজ্যয়ো  আমাৰ দৰে একে যুক্তি দেখাইছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা আহিব সেই সম্পৰ্কে অহা ১৩ এপ্ৰিলত পুনৰ বহিবলগীয়া মন্ত্ৰীপৰিষদৰ বৈঠকত আমি আলোচনা কৰিম আৰু তাতেই সিদ্ধান্ত লোৱা হ’ব।’

Exit mobile version