ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্যৰ বাবে ১২ টা গোচৰ ৰজু

Media Advisor Press Meet 1

DIPR, Assam Anupam Choudhury addresses a press meet on fake news at the DIPR Headquarters, Dispur in Guwahati on Tuesday.

কৰ’না ভাইৰাছক লৈ বিভিন্ন বিভিন্ন মাধ্যমত নানান ধৰণৰ অপপ্ৰচাৰ, উৰাবাতৰি আদি ব্যাপক ৰূপত প্ৰচাৰিত হৈ আছে ৷ এইবোৰৰ ফলত সমাজত অস্থিৰতা, ভেদভাৱ আৰু ভীতিগ্ৰস্ততাৰ পৰিৱেশৰো সৃষ্টি হৈছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ পৰিপ্ৰেক্ষিতত অসমত কে’বাটাও গোচৰ ৰজু হোৱাৰ উপৰি তেনে প্ৰচাৰত জড়িত লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সদৰি কৰা অনুসৰি ছ’চি মিডিয়াত তেনেধৰণৰ আপত্তিজনক প্ৰচাৰ আৰু মন্তব্যক লৈ অসমত ১২ টা গোচৰ ৰজু কৰা হৈছে ৷ এই সন্দৰ্ভত নজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে ৷

আনহাতে শতাধিক লোকক তেনে কাৰ্য্যত ভৱিষ্যতে জড়িত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে। একেদৰে ছ’চিয়েল মিডিয়াৰ শতাধিক আপত্তিজনক পোষ্ট আঁতৰোৱা হৈছে ৷ আনকি কে’বাটাও একাউণ্ট নিষ্কিয় কৰা হৈছে বুলি জানিবলৈ দিয়ে গোস্বামীয়ে ৷ তেওঁ কয় “অপপ্ৰচাৰ আৰু উৰাবাতৰি প্ৰতিৰোধৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে । ৰাইজৰ মাজত তেনে অপপ্ৰচাৰৰ বিৰুদ্ধে জনমত গঠনৰো অভিযান অব্যাহত আছে ৷ ইয়াৰ কাৰণে তথঁ আৰু জনসংযোগ সঞ্চালকক অধ্যক্ষ হিচাপে লৈ এখন পাঁচজনীয়া ৰাজিক সমিতি গঠন কৰা হৈছে। ইয়াৰ সদস্য হিচাপে আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ,অসম আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিনিধি ৷ এই সমিতিয়ে নিতৌ অসত্য বাতৰি, উৰাবাতৰি, ছ’চিয়েল মিডিয়াত কৰা আপত্তিজনক মন্তব্যসমূহ পৰ্যবেক্ষণ কৰি বিহিত ব্যৱস্থা কৰিছে ৷ তেনে অসত্য বাতৰি প্ৰকাশ কৰা কাৰণে “দৈনিক যুগশংখ” কাকতৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হৈছে ৷ গোস্বামীয়ে লগতে সদৰি কৰে যে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ কাৰণে অসম চৰকাৰে বিভিন্ন মাধ্যমত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে ৷

Exit mobile version