তলাবন্ধক লৈ উৎকণ্ঠা:এফালে কৰ’নাৰ বিধ্বংসী ৰূপ আনফালে অৰ্থনৈতিক সংকট

TN Lockdown

বিধ্বংসী কৰ’না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা তলাবন্ধৰ ম্যাদ অহা ১৪ এপ্ৰিলত অন্ত পৰিব | ইয়াৰ পাছত কি হ’ব ? তলাবন্ধৰ সময়সীমা বৃদ্ধি কৰা হ’ব নেকি তাকে লৈ দেশজুৰি নানা জল্পনা-কল্পনা আৰম্ভ হৈছে | প্ৰধানমন্ত্ৰীয়ে তলাবন্ধৰ পাছত কিদৰে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰা হ’ব সেই সম্পৰ্কীয় পন্থা নিৰ্ধাৰণ কৰিবলৈ ৰাজ্যসমূহৰ পৰাও অলপতে পৰামৰ্শ বিচাৰিছে | মঙ্গলবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰে কয় যে দেশৰ হিতৰ বাবে সঠিক সিদ্ধান্ত লোৱা হ’ব | সঠিক সময়ত সিদ্ধান্ত ঘোষণা কৰা হ’ব বুলিও তেওঁ কয় | ইপিনে, তলাবন্ধক লৈ ৰাজ্যসমূহে নিজ নিজ মত প্ৰকাশ কৰিছে | এই পৰ্যন্ত কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহা হেতুকে অধিকাংশ ৰাজ্যই তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ পক্ষপাতি | বিভিন্ন  ক্ষেত্ৰৰ বিশেষজ্ঞইও এই পৰামৰ্শই দিছে |

কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰত প্ৰকাশ যে বহুকেইখন ৰাজ্যৰ চৰকাৰে আৰু বিশেষজ্ঞই ১৪ এপ্ৰিলৰ পাছতো তলাবন্ধ অব্যাহত ৰাখিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে ৷ কেন্দ্ৰই এই বিষয়ে চিন্তা চৰ্চা কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশবাসীক দীঘলীয়া সময়ৰ কাৰণে সাজু হ’ব লাগিব বুলি মন্তব্য কৰে ৷ ম্যাদ বৃদ্ধিৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো স্পষ্টীকৰণ নকৰিলেও ১৪ এপ্ৰিলৰ পৰৱৰ্তী পৰ্যায়ত তলাবন্ধ অব্যাহত ৰাখিবলৈ চিন্তা চৰ্চা কৰিছে একাংশ ৰাজ্যই ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদী বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছে ৷ এই বৈঠকত অধিকাংশ মুখ্যমন্ত্ৰীয়ে তলাবন্ধৰ পোষকতা কৰে বুলি মন্তব্য কৰে বুলিও প্ৰকাশ পাইছে এক সূত্ৰত ৷ বিশেষজ্ঞসকলৰ মতে মাৰাত্মক কৰ’না ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ ২১ দিন তলাবন্ধ যথেষ্ট নহয় ৷ ইপিনে দেশৰ অৰ্থনীতি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে এমুঠি অন্ন যোগাৰ কৰাটো সম্প্ৰতি দুঃস্বপ্ন যেন হৈছে ৷ অৱশ্যে কেন্দ্ৰই এইসকল লোকক সকাহ দিবলৈ আঁচনি গ্ৰহণ কৰিছে ৷ সেয়েহে এই পৰিস্থিতিত তলাবন্ধক লৈ দ্বিধাবিভক্ত হৈছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,স্মৃতি ইৰানী,ৰামবিলাস পাছোৱান আদি  মন্ত্ৰীসকলৰ লগত দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত এখন বৈঠক হয় যদিও কোনো সমাধান সূত্ৰহে নোলাল ৷

Exit mobile version